ashomiyapatrika.com

শিৱসাগৰত শিক্ষাৰ্থীৰ মাজত আৰণ্যকৰ শগুন সংৰক্ষণ সজাগতামূলক পদক্ষেপ

0 40

গৌৰীসাগৰঃ দেশৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ বিভিন্ন কাৰণত দ্ৰুতগতিত হ্ৰাস পোৱা শগুনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ শিৱসাগৰ জিলাৰ হাফলুটিং হাইস্কুলৰ শিক্ষাৰ্থী সকলৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰে। বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা সভাখনত আৰণ্যকে স্থানীয় পৰিৱেশ অনুৰাগী বিজিত দত্ত আৰু আৰণ্যকৰ পূৱ অসম মণ্ডলৰ সমন্বয়ক হীৰেন দত্তৰ জৰিয়তে শগুনৰ গুৰুত্ব আৰু সংৰক্ষণৰ বিভিন্ন দিশৰ এক আভাস দাঙি ধৰে৷ হীৰেন দত্তই কয়, “এসময়ত শিৱসাগৰ জিলা এখন শগুন সমৃদ্ধ স্থান আছিল৷ কিন্তু জিলাখনত এই

চৰাইবিধৰ বৰ্তমানৰ অৱস্থা সন্তোষজনক নহয়। যোৱা কেইবছৰমানৰ পৰা জিলাখনত অতি দ্ৰুত গতিত শগুনৰ সংখ্যা হ্ৰাস হোৱালৈ চাই ক’ব পাৰি যে পৰিস্থিতি সচাকৈয়ে ভয়ংকৰ’৷ পৰিস্থিতিৰ ভয়বহতাৰ ওপৰত আলোকপাত কৰি দত্তই কয়, “শিৱসাগৰ জিলাৰ পানীদিহিঙত ২০২১ চনৰ মাৰ্চ মাহত মানুহৰ অপকৰ্মৰ ফলত ৩৯টা শগুনৰ মৃত্যু হৈছিল। বাকী ৩০টা শগুনক বন বিভাগে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। ২০২১ চনৰ এপ্ৰিল মাহত পুনৰ আন এজাক শগুন মানৱসৃষ্ট ঘটনাৰ বলি হয়। শিৱসাগৰ জিলাৰ লেপাই গাঁৱৰ মুকলি পথাৰত বিহ দিয়া পোহনীয়া জন্তুৰ মৃতদেহ খাই আৰু ঊনৈশটা শগুনৰ মৃত্যু হৈছিল’। অসমত বাসস্থানৰ হানি, গাঁৱত পশুধনৰ চিকাৰ কৰা

অঘৰী কুকুৰ মাৰিবলৈ ব্যৱহাৰ কৰা ঔষধ ফুৰাডনৰ বিষক্ৰিয়া আৰু ৰোগ আদি বিভিন্ন কাৰকে শগুনৰ মৃত্যুত অৰিহণা যোগায়৷ এই বিষয়সমূহে শগুনৰ সংখ্যা আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলায়। শগুনৰ সংখ্যা হ্ৰাসৰ আন এটা প্ৰধান কাৰণ হ’ল বাহ সজাৰ বাবে উপযুক্ত গছৰ অভাৱ। শগুনে কেৱল ওখ, পূৰ্ণবয়স্ক আৰু শক্তিশালী গছতহে বাহ সাজে । আগতে শিৱসাগৰ জিলাৰ গাঁৱে-ভূঞে আৰু চহৰত এনে গছ প্ৰচুৰ পৰিমাণে আছিল। কিন্তু বৰ্তমান এনে গছ খুব কমেইহে দেখা যায়। জনসংখ্যা বৃদ্ধি ফলস্বৰুপে এনে গছৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ফলত শগুনৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পৰিছে আৰু শগুনৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে। শিৱসাগৰ

জিলাত এতিয়া ডিমৌ অঞ্চলৰ আশে-পাশেহে শগুণৰ বাসস্থান দেখা যায় বুলি দত্তই কয় । উল্লেখ্য যে, আৰণ্যকৰ পূব অসম মণ্ডলে বিভিন্ন কাৰণত সঘনাই শগুনৰ মৃত্যু হোৱা জিলাখনৰ অঞ্চলবোৰত সচিত্ৰ সজাগতা পোষ্টাৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাৰিপাৰ্শ্চিক ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত শগুণৰ গুৰুত্ব আৰু ইহঁতে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিয়ে সংৰক্ষণ প্ৰচেষ্টাক সলপ্ৰসু কৰাত সহায় কৰিব । এই শিক্ষাই নৱ প্ৰজন্মক শগুনৰ বাসস্থান সুৰক্ষাৰ বাবে নীতিৰ্ পোষকতা, সংৰক্ষণ প্ৰকল্পৰ প্ৰতি সমৰ্থন আৰু দায়িত্বশীল আৱৰ্জনা নিষ্কাশন ব্যৱস্থাক উদগনি যোগাবলৈ অনুপ্ৰাণিত কৰিব৷

Leave A Reply

Your email address will not be published.