ashomiyapatrika.com

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পূজিৰে কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে উদ্ধোধন কৰিলে যুৱক সংঘৰ কাৰ্য্যালয়

0 27

বকোঃ ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে আজিৰ দিনটোত উদ্ধোধন কৰিলে এটা যুৱক সংঘৰ কাৰ্য্যালয়। পৰিষদ খনৰ ২৩ নং পৰিষদীয় সমষ্টিৰ পাৰিষদ গৰাকীয়ে আজি বকোৰ জালুকবাৰীৰ কৈৱৰ্ত্ত পাৰাৰ মিলন জ্যোতি যুৱক সংঘৰ বাবে ২০২২-২৩ ইং বিত্তীয় বৰ্ষৰ পৰিষদৰ উন্নয়ণ পূজীৰে নিৰ্মান কৰা কাৰ্য্যালয় গৃহ নিৰ্মাণ আঁচনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। আচঁনিৰ যুৱক সংঘৰ গৃহ উদ্ধোধন কৰি সেই স্থানৰ ৰাইজৰ অন্যান্য সমস্যা সমুহ অতি সোনকালে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইফালে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা জনসাধাৰণৰ বহু আঁচনি ৰূপায়ণৰ নিদৰ্শন দাঙি ধৰিলে পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। আজি জালুকবাৰী কৈৱৰ্ত্ত পাৰাত মুঠ ছয় লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাৰ্য্যালয় ভৱনটো শুভ উদ্ধোধনী অনুষ্ঠানত সমষ্টিৰ মণিটৰিং সমিতিৰ বহু বিষয় ববীয়াৰ উপৰিও অঞ্চলস্থ ৰাইজে সহযোগ আগবঢ়াই।

Leave A Reply

Your email address will not be published.