ashomiyapatrika.com

বকোৰ ৰাজাবাৰী ইয়ং ব্লু ক্লাৱৰ উদ্যোগত মুকলি ব’হাগী বিদায় পৰম্পৰা আয়োজন

0 40

বকোঃ অমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ হেঁপাহৰ ৰঙালী বিহুয়ে অসমীয়া জাতিসত্তাক প্ৰতিফলিত কৰে।সেয়ে বিহু ববীয়া ৰাইজে ৰঙালী বিহুৰ পৰম্পৰা পালন কৰে। বিহু উৎসৱ পালনৰ পিছতেই আদৰৰ ব’হাগীক বিদায় জনাবলৈ পালন কৰা হয় বিদায়ী সন্মিলন। বিগত বছৰবোৰৰ দৰে এই বেলিও কামৰূপ জিলাৰ বকোৰ ৰাজাবাৰীত আয়োজন কৰা হৈছে মুকলি ৰঙালী বিহুৰ বিদায় পৰম্পৰাৰ লগতে সন্মিলন। ৰাজাবাৰী ইয়ং ব্লু ক্লাৱৰ উদ্যোগত এই বেলি উনৈশ সংখ্যক বাৰ্ষিক মুকলি ব’হাগী বিদায় উৎসৱৰ আয়োজন কৰা হৈছে। ইফালে ইয়ং ব্লু ক্লাৱৰ মুল সমিতিৰ সভাপতি গৌতম বড়ো আৰু সম্পাদক ৰাণা প্ৰতাপ বড়ো লগতে

ৰঙালী বিহুৰ মুকলি ব’হাগী বিদায় সন্মিলন আয়োজক সমিতিৰ সভাপতি তপন বড়ো উপ সভাপতি দ্বয় ক্ৰমে প্ৰণৱ বড়ো আৰু ৰাতুল বড়ো, সাধাৰণ সম্পাদক উৎপল বড়োকে ধৰি সমিতিৰ বিষয় ববীয়া সকলে জনোৱা মতে অহা ২৮ আৰু ২৯ ব’হাগ অৰ্থাৎ ১১ আৰু ১২ মে’ত দিনা দুই দিনীয়া বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে মুকলি ব’হাগী বিদায় সন্মিলনৰ। মুকলি বিহুৰ বিদায় সন্মিলনৰ বৰ্ণাঢ্য কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা বিহুৰ পতকা উত্তোলন, শ্বহীদ তৰ্পণ, পুৰুষ মহিলাৰ বিভিন্ন খেল ধেমালিৰ লগতে ৰছীটনা আৰু ভেশচন প্ৰতিযোগিতা, সম্বৰ্ধনা অনুস্থান, সাংস্কৃতিক মঞ্চ উদ্ধোধন, অনুস্থানত বিহু হুঁচৰিৰ লগতে ভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি

প্ৰদৰ্শন আৰু বিশেষ ভাৱে আমন্ত্ৰিত শিল্পীৰ গীত মাত পৰিবেশন কৰাৰ উপৰিও নৃত্যৰ সমাহাৰ ঘটোৱা হ’ব। ইফালে আয়োজক সমিতিয়ে জনোৱা মতে যুৱ কৰ্মী ৰজিত বড়োই আত ধৰা অনুস্থানত সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্ধোধন কৰিব ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বকোৰ কাৰ্য্যবাহী সদস্য সুমিত ৰাভাই। অনুস্থানত কন্ঠশিল্পী নিপন বসুমতাৰী আৰু চয়ানিকা দাসৰ গীতৰ শৰাই বিশেষ ভাৱে পৰিবেশন কৰা হ’ব।

Leave A Reply

Your email address will not be published.