ashomiyapatrika.com

বকোতো বিশ্ব ৰেড ক্ৰছ দিৱস পালনঃ ৰেড ক্ৰছ চোছাইটিৰ সামাজিক কৰ্মৰাজীৰ ওপৰত ভিডিঅ’গ্ৰাফি প্ৰদৰ্শন

0 24

বকোঃ ‘আমি একেখন নাওৰে যাত্ৰী’- শীৰ্ষক বাণীৰে দূৰ্গত লোকৰ ওচৰত মানৱীয় তৎপৰতা প্ৰকাশ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা বিশ্ব ৰেড ক্ৰছ চোছাইটিৰ আজি প্ৰতিষ্ঠা দিৱস। বিশ্বৰ লগতে অসম মুলুকৰ কামৰূপ জিলাৰ বকোতো প্ৰখ্যাত সমাজ হিতৈষী জন হেনৰি ডুৰাল্টৰ জন্মদিনত ৰেড ক্ৰছ চোছাইটিৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰা হয় বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে। সংস্থাটোৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোস্থিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্চৰ কাৰ্য্যালয় বৃদ্ধ বিনোদন কেন্দ্ৰত এক মনোজ্ঞ পৰিবেশত পালন কৰা হয় বিশ্ব ৰেড ক্ৰছ দিৱস। ৰেড ক্ৰছ চোছাইটিৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক এছ আৰ মৃদুলে সঞ্চালনা কৰা

অনুস্থানত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুস্থানত ৰেড ক্ৰছ চোছাইটিৰ জন্মৰ লক্ষ্য উদ্যেশ্যৰ লগতে ইয়াৰ মানৱ সেৱা, সামাজিক কৰ্মৰাজীৰ ওপৰত ভিডিঅ’গ্ৰাফি প্ৰদৰ্শন কৰে। কাৰ্য্যসুচীত সহযোগ আগবঢ়াই ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি গৌৰাংগ ঠাকুৰীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেণ চন্দ্ৰ কলিতা, শিক্ষক স্বাধীন বড়ো, অপূৰ্ব কুমাৰ ৰয়, লাম্পীৰ বিকাশ চেত্ৰীৰ লগতে বহু কেইজন শুভাকাংশীয়ে। অনুস্থানত মানৱতাক ধৰি ৰাখিবলৈ কেৱাজনো ব্যক্তিয়ে ৰেড ক্ৰছ চোছাইটিৰ জৰিয়তে কৰা দূৰ্যোগ ব্যৱস্থাপনা সা সাহাৰ্য্য আৰু অন্যান্য স্বেচ্ছাসেৱী সেৱাৰ ওপৰত বহল বাখ্যা দাঙি ধৰে।

Leave A Reply

Your email address will not be published.