ashomiyapatrika.com

সাংবাদিক কাঞ্চনজ্যোতি গোহাইক আক্ৰমণৰ ঘটনাঃ অভিযুক্ত মটক যুৱ ছাত্ৰ সন্মিলৰ দুই বিষয় ববীয়াক বহিস্কাৰৰ দাবী সাংবাদিক মহলৰ

0 23

গুৱাহাটী, ৭মেঃ শেহতীয়াকৈ হৈ যোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ৰাজ্যৰ কেইবাটাও সাংবাদিক সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তথ্য অনুসৰি শনিবাৰে লাহোৱালৰ ঘোঁৰামৰাত এটা অবৈধ ৰাসায়নিক সাৰ ব্যৱসায়ীৰ চক্ৰৰ বাবে ৰাসায়নিক সাৰ কঢ়িয়াই অনা এখন বাহনক প্ৰশ্ন কৰাৰ বাবেই অবৈধ ৰাসায়নিক সাৰ ব্যৱসায়ী চক্ৰটোৰ প্ৰৰোচনাত ঘোঁৰামৰা আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ দুই বিষয় ববীয়া দয়ানন্দ গোহাঁই আৰু টিকেন্দ্ৰজিত গোহাঁয়ে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ লাহোৱালৰ সাংবাদিক তথা যু্ৱ সাংবাদিক সন্থা, অসমৰ কেন্দ্ৰীয় সম্পাদক কাঞ্চনজ্যোতি গোহাঁইক দিন দুপৰতে শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা

ঘটনাই অঞ্চলটোত আজিও চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ কিন্তু লক্ষণীয় কথা এইয়ে যে ঘোঁৰামৰা আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ দুই বিষয় ববীয়া টিকেন্দ্ৰজিত গোহাঁই আৰু দয়ানন্দ গোহাঁয়ে একে জনগোষ্ঠীয় এজন মফচলীয়া সাংবাদিকক আক্ৰমণ কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাতো দূৰৈৰ কথা ৰাজ্য কপাই যোৱা এই ঘটনাত এতিয়া মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিয়েও গা এৰা দিয়া পৰিলক্ষিত হৈছে ৷ ইফালে সাংবাদিকক আক্ৰমণ কৰা ঘোঁৰামৰা আঞ্চলিক সমিতিৰ সভাপতি দয়ানন্দ গোহাইয়ে কেইমাহমান পূৰ্বে বৰ্হিৰাজ্যত কোনো আত্মীয় লোকৰ চিকিৎসা প্ৰদান কৰিবলৈ গৈ নিজৰ পত্নী থকাৰ স্বৰ্তেও

নগ্ন হৈ আন যু্ৱতীৰে ভিডিঅ কল কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে স্বয়ম্ভু নেতাজনৰ কু -কীৰ্তি এতিয়া পোহৰলৈ আহিছে৷ তৎস্বত্বেও কিহৰ ভিত্তিত বা কেনেদৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ দৰে এখন পবিত্ৰ মঞ্চক কলংকিত কৰা স্বয়ম্ভু নেতাজনক ঘোঁৰামৰা আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ দায়িত্ব প্ৰদান কৰিলে তাকে লৈ এতিয়া সচেতন ৰাইজে প্ৰশ্ন কৰিছে ৷ ইয়াৰোপৰি অন্ত নোহোৱা অভিযোগ থকা দয়ানন্দ গোহাঁয়ে কিছুদিন পূৰ্বে একে সংগঠনৰে হীৰকজ্যোতি বৰপাত্ৰ নামৰ আন এজন সদস্যকো সামান্য কথাতে প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ইমানৰ পিছতো দয়ানন্দ গোহাঁই নামৰ স্বয়ম্ভু

নেতাজনৰ লগতে টিকেন্দ্ৰজিত গোহাঁইৰ প্ৰতি মটক যু্ৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া আৰু জিলা সমিতিৰ বিষয় ববীয়াই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে সংগঠনটোৰ নেৰ্তৃবৰ্গৰ প্ৰতি বিভিন্ন প্ৰশ্ন অৱতাৰণা হ’ব ধৰিছে৷ সাংবাদিক নিগ্ৰহৰ ঘটনাত গৰিহণা প্ৰদান কৰি সাংবাদিক নিগ্ৰহৰ ঘটনাৰে জড়িত ঘোঁৰামৰা আঞ্চলিক মটক যু্ৱ ছাত্ৰ সন্মিলনৰ দুই বিষয়ববীয়াক অচিৰেই বহিস্কাৰ কৰিবলৈ যুৱ সাংবাদিক সন্থা, অসমৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উপৰি কেইবাটাও সাংবাদিক সংগঠন, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰেছ ক্লাৱ আদিৰ বিষয় ববীয়াই দাবী জনোৱাৰ লগতে সাংবাদিক গৰাকীৰ জীৱন

নিৰাপত্তা সু নিশ্চিত কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে৷ ইফালে সাংবাদিক নিগ্ৰহৰ ঘটনাৰে জড়িত ঘোঁৰামৰা আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ বিষয় ববীয়াৰ প্ৰতি কোনো ব্যৱস্থাই ন’ললে মটক যুৱ ছাত্ৰ সন্মিলনৰ জিলা সমিতিয়ে সামাজিক মাধ্যমত নগ্ন হৈ ভিডিঅ কল কৰা নেতাক কেনেকৈ প্ৰদান কৰিলে ঘোঁৰামৰা আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্ব তাকে লৈ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷

Leave A Reply

Your email address will not be published.