ashomiyapatrika.com

বকোত নিৰ্বাচনী ধামখুমীয়া অন্ত পৰিলঃ নেতা পালিনেতাৰ ভাষণো শেষ হ’ল, ৰাস্তা ঘাটৰহে পৰিৱৰ্তন নহ’ল

0 24

বকোঃ দেশত গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰাৰ অৰ্থে সাংসদীয় নিৰ্বাচন অনুষ্ঠিত হয়। প্ৰতি পাছ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় নিৰ্বাচন। নিৰ্বাচন আহে আৰু যায়। এই বাৰো নিৰ্বাচন আহিল আৰু আজি শেষ হ’ল। নিৰ্বাচনৰ আগমুহুৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ নেতা পালিনেতাই দুহাত জোকাৰি গল ফুলাই চিঞৰী চিঞৰী ভাষণৰ ফুলজাৰী মাৰে উন্নয়ণ আৰু বিকাশৰ। এই বাৰো আজি অন্ত পৰা লোকসভা নিৰ্বাচনৰ মাহ দিন পূৰ্বৰ পৰাই ৰাজনৈতিক দলৰ নেতা পালিনেতাই নগৰে-চহৰে, গাৱে-ভূঞে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি ৰাইজৰ বাবে প্ৰতিশ্ৰুতিৰ বানপানী বোৱাই দিছে। এই ক্ষেত্ৰত চৰকাৰৰ শাসকীয় দলৰ ভাৱমুৰ্তি আৰু ভাষণ এখোপ চ’ৰা। উল্লেখ্য

যে কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ এলেকাত বি জে পি দলৰ কেৱাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’ল কিন্তু জনসাধাৰণৰ এক মাত্ৰ মুল সমস্যা যাতায়াত সুচল কৰা ভাষণ শুনা নগ’ল। এই ক্ষেত্ৰত বকোৰ বহু কেইটা মুল পথ অতি দূৰ্গম। জনতাৰ যাতায়াতৰ অতি দৰকাৰী পথ কেৱাটাও জৰাজীৰ্ণ। অতি শোচনীয় কিন্তু নেতা পালিনেতাই ভোট ভিক্ষাহে কৰি ফুৰিছে। যাতায়াত সম্ভৱ হ’ব পৰাকৈ কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা শুনা নগ’ল। ইফালে ২০১৬ চনৰ পৰা ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা ৰাজ্য চৰকাৰ গঠন হ’ল। সেই তাহানিৰ পৰাই বকো ৰাজহ চক্ৰৰ লগতে বকো উন্নয়ণ খণ্ডৰ তথা বকো বজাৰৰ মাজমজিয়াত থকা আৰু

গাতে লাগি থকা কেৱাটাও ৰাস্তা ঘাট নিৰ্মাণ কৰা নহ’ল। এতিয়া নিৰ্বাচন আহিছে বাবেহে ৰাস্তা ঘাট কেইটাৰ কথা মনত পৰিছে। সেয়ে নেতাই ভাষনত বকিছে যে বকোত বহু কেইটা ৰাস্তাৰ কাম কৰিবলগীয়া আছে। কিন্তু বকো বজাৰৰ মাজমজিয়াত থকা আৰু কাষতে লাগি থকা ৰাস্তা কেইটা কিয় এই সাত/আঠ বছৰে নিৰ্মাণ তথা আধুনিকীকৰণ নকৰিলে। এই অঞ্চলৰ জনতাই বছৰ বছৰ ধৰি জীয়াতু ভুগি বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী, সাংসদ, অভিভাৱক মন্ত্ৰী, বিধায়ক লগতে সমান্তৰাল চৰকাৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য, উন্নয়ণ খণ্ডৰ বিষয়া, জিলা পৰিষদৰ বিভাগীয় দায়িত্ববাহীকে ধৰি সকলোকে অৱগত কৰিও

সুফল পোৱা নগল। এই বাৰো নিৰ্বাচন আহিল আৰু গ’ল। কিন্তু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বকো-বাটাকুচী গড়কাপ্তানী পথ, বকো-পয়ৰঙা আৰু বকো-শোলামুখ গড়কাপ্তানী পথ সংযোগী কালিয়াবড়ী গাওঁৰ মাজেদি পাৰ হৈ যোৱা পথটো, বকো-ৰূপনগৰ, নালাঘাটৰ মডেল ইংলিছ স্কুললৈ যোৱা পথটো, বকোৰ চুকুনীয়াপাৰা হৈ নগৰবেৰালৈ যোৱা পথটো আজিলৈ নহ’ল মেৰামতি। ইয়াৰ ভিতৰত বকো চহৰৰ গাতে লাগি থকা কালিয়াবড়ী গাওঁৰ পথটো অতি দূৰ্গম। ইফালে এই পথটো আধুনিকীকৰণ কৰি দিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰাম্বাৰ আবেদন নিবেদন কৰা হৈছে যদিও চৰকাৰে কামফেৰা নকৰিলে।বাৰে বাৰে চৰকাৰৰ শাসকীয় পক্ষক

অৱগত কৰা হৈছে আৰু অসমৰ প্ৰায়বোৰ বাতৰি কাকতত পথটোৰ দূৰৱস্থাৰ বাতৰিও প্ৰচাৰিত হৈছিল কিন্তু সুদীৰ্ঘ দিন ধৰি চৰকাৰে আধুনিকীকৰণ আঁচনিয়েই গ্ৰহণ নকৰিলে। ইফালে এই বাৰো নিৰ্বাচন আহিল আৰু গ’ল। এই পথ কেইটাৰে যাতায়াত কৰা জনতায়ো এইবাৰো বিপুল ভাৱে ভোট দিলে। ভোট দি এই পথৰ যাতায়াতকাৰীয়ে আশা কৰিছে যে এগৰাকী সুদক্ষ সাংসদ নিৰ্বাচিত হ’ব আৰু বকোৰ এই দূৰ্গম পথকেইটা আধুনিকীকৰণ হ’ব। এইয়া বকোবাসীৰ বিনম্ৰ আহ্বান।

Leave A Reply

Your email address will not be published.