ashomiyapatrika.com

শ্বহীদ লম্বধৰ সিংহৰ বাসভৱনত উপস্থিত চিৰাং জিলা প্ৰেছ ক্লাবৰ সাংবাদিকৰ দলঃ শ্বহীদক শ্ৰদ্ধা জ্ঞাপন, পৰিয়াললৈ শোকবাৰ্তা প্ৰদান

0 28

কাজলগাঁওঃ ছত্তিশগড়ৰ মাওবাদী অধ্যুষিত চুকমা আৰু বিজাপুৰ জিলাৰ সীমান্ত এলেকা টেকালগুডেমত মাওবাদীৰ গুলিত যোৱা ৩০ জানুৱাৰীত নিহত হয় চি আৰ পি এফৰ জোৱান শ্বহীদ লম্বধৰ সিংহ। বীৰ শ্বহীদ গৰাকীৰ চিৰাং জিলাৰ সীমান্তৱৰ্তী কাকাৰাগাঁও ভাটিপাৰা নিজ বাসভৱনত আজি দুপৰীয়া উপস্থিত হয় চিৰাং জিলা প্ৰেছ ক্লাবৰ সাংবাদিক সকল। সাংবাদিকৰ দলটি উপস্থিত হৈ বীৰ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত ফুলৰ মালা, ফুলাম গামোছা দি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শ্বহীদৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে এক মিনিট মৌনতা অৱলম্বন কৰা হয়৷ লগতে এক শোককূল পৰিবেশত শ্বহীদ লম্বধৰ সিংহৰ পিতৃ তুলেন সিংহ আৰু সহধৰ্মীনি সোনালী

সিংহৰ হাতত শোকবাৰ্তা প্ৰদান কৰা হয়৷ ইয়াৰ পূৰ্বে শোকবাৰ্তা পাঠ কৰে চিৰাং জিলা প্ৰেছ ক্লাবৰ সম্পাদক হেমেন শৰ্মা৷ শ্বহীদৰ পিতৃক কোঁচৰাজবংশী জাতীয় হালধীয়া গামোছাৰে সম্বোৰ্ধনা জনায় চিৰাং জিলা প্ৰেছ ক্লাবৰ সভাপতি আবুবক্কৰ ছিদ্দিকে। লগতে সহধৰ্মীনি সোনালী সিংহক কোচ ৰাজবংশী জাতীয় গামোছাৰে সম্বোৰ্ধনা জনায় জিলা প্ৰেছ ক্লাবৰ উপ সভাপতি জয়ন্ত দেৱনাথে৷ এক আছুতীয়া সাক্ষাৎকাৰত দেশৰ কাৰণে প্ৰাণ আহুতি দিৱলৈ পোৱাতো সৌভাগ্যবান বুলি উল্লেখ কৰে জিলা প্ৰেছ ক্লাবৰ সভাপতি আবুবক্কৰ ছিদ্দিকে৷ শ্বহীদৰ পৰিয়ালটিৰ সতে চিৰাং জিলা প্ৰেছ ক্লাব সদায় থাকিব বুলি উল্লেখ কৰি সকলো ক্ষেত্ৰতে সহযোগ

আগবঢ়াই যাব বুলি কয় জিলা প্ৰেছ ক্লাবৰ সম্পাদক হেমেন শৰ্মাই। উল্লেখযোগ্য যে অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত যথাক্ৰমে আদ্যশ্ৰাদ্ধ আৰু সপিণ্ডন কাৰ্যাদি সমাপন কৰা হ’ব শ্বহীদৰ নিজ বাসভৱনত৷ ইপিনে উক্ত দুয়োদিনাৰ মাঙ্গলিক অনুষ্ঠানত শ্বহীদৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনাবলৈ প্ৰতিজন শুভাকাংশীক আহ্বান জনায় পৰিয়াল বৰ্গই৷

Leave A Reply

Your email address will not be published.