হাতে লিখা আলোচনী ধৰিত্ৰী উন্মোচন
গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ জয়সাগৰৰ ৭০৫ নং অভ্যাসন বিদ্যালয়ৰ উদ্যোগত আপকু শিৱসাগৰ জিলা সমিতিৰ সহযোগত গছপুলি ৰোপণ কৰা হয়৷ আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি যুগুত কৰা হাতে লিখা আলোচনী ধৰিত্ৰী উন্মোচন কৰা হয়৷ তদুপলক্ষে অনুষ্ঠিত আলোচনী উন্মোচনী সভাত আলোচনীখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে আমগুৰি খণ্ড সমল ব্যক্তি চিনুমণি বৰপাত্ৰ গোহায়ে৷ পূৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰমোদ বৰুৱাই৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক পবন কুমাৰ বড়াই আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে
পৰিচালনা সমিতিৰ সভানেত্ৰী গুণমনি বড়ো, সমগ্ৰ শিক্ষা কাৰ্যবাহী অভিযন্ত্ৰা নাচিমুল হুচেইন, কণিষ্ঠ অভিযন্তা মোজামিল হুচেইন, আপকু শিৱসাগৰ জিলা সমিতিৰ সভাপতি পদুম কুমাৰ শইকীয়া উপস্থিত থাকে৷ অনুষ্ঠানত প্লাষ্টিক প্ৰদূষণৰ সমাধান বিচাৰি শীৰ্ষক বিষয়ৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° সংগীতা ফুকন, ড° পবিত্ৰ কলিতা আৰু মানস প্ৰতীম গগৈয়ে৷