ashomiyapatrika.com

২৫জুলাইৰ পৰা দুদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ হীৰক জয়ন্ত সমাৰোহৰ আয়োজনঃ প্ৰস্তুতি সৰ্ন্দভত সংবাদমেল উদযাপন সমিতিৰ

0 43

গৌৰীসাগৰঃ ১৯৬৪ চনৰ ২৫ জুলাইত প্ৰতিষ্ঠা কৰা জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়খনে সগৌৰৱে ৬০টা বৰ্ষত ভৰি দিলে। বিশিষ্ট শিক্ষাবিদ, বৰেণ্য ব্যক্তি হেমনাথ শর্মাৰ নামত প্রতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ একমাত্ৰ উচচ শিক্ষানুষ্ঠানখনে এই উপলক্ষে অহা ২৫ আৰু২৬ জুলাইত দুদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে হীৰক জয়ন্তী সমাৰোহ উদযাপন কৰিবলৈ লোৱাৰ লগতে প্ৰস্তুতিৰ সৰ্ন্দভত উদযাপন সমিটিয়ে আজি এক সংবাদমেলৰ জৰিয়তে বিস্তৃত বাখ্যা আগবঢ়ায়।সংবাদমেলখনত হীৰক জয়ন্তীৰ উদযাপন সমিটিৰ সভাপতি ড° অনিল কুমাৰ গগৈ, সম্পাদক তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মানজিৎ গগৈ, উপাধ্যক্ষ

বিদ্যাধৰ বৰুৱা, স্মৃতি গ্ৰন্থ উপ সমিতিৰ সম্পাদক তথা সাংবাদিক ৰাজীৱ দত্ত উপস্থিত থাকে। সংবাদমেলখন সম্বোধি মহাবিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে ৰাজ্যৰ লগতে জিলাখনত হোৱা বানপানী দুয্যোগৰ বাবে সমাৰোহৰ কায্যসূচী সীমিত কৰা বুলি ব্যক্ত কৰে। কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা মহাবিদ্যালয়ৰ মূল পতাকাৰ লগতে শিক্ষানুষ্ঠান খনৰ ৬০ বছৰ পূর্তি উপলক্ষে প্রতীকিৰূপত ৬০ খন পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভবানী কুমাৰ বৰুৱাই স্মৃতি তর্পণ অনুষ্ঠানটো ৰূপায়ণ

কৰিব। আনহাতে বৃক্ষ ৰোপন অনুষ্ঠানটো সমাপন কৰিব ক্ৰমে বিপুল চন্দ্ৰ বৰকটকী, ৰূপন চন্দ্ৰ গগৈ, হৰেণ বৰুৱা, মুহিকান্ত নাথ আৰু গোপাল বৰুৱাই। আনহাতে দিনৰ এঘাৰ বজাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত অনুষ্ঠিত হ’ব গুৰু প্ৰণাম অনুষ্ঠান। ইয়াৰ পাছতে হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° অনিল কুমাৰ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হ’ব লগা মুকলি সভাখনত ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, উচচ পদস্থ আৰক্ষী বিষয়া ড° নন্দ সিং বৰকলা মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰিব। সভাখন উদ্বোধন কৰিব গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই। এই সভাতেই মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে প্রকাশ হ’ব লগা

স্মৃতিগ্রন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে। ইয়াৰোপৰি এই সভাতেই আন দহখন গ্রন্থ উন্মোচন কৰা হ’ব। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব ক্রমে যোৰহাট লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জ্যোতি প্রসাদ শইকীয়া। বিয়লি তিনি বজাত মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। সামৰণি দিনা পুৱা অঞ্চলটোৰ মাজেদি এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব। শোভাযাত্ৰাটো উদ্বোধন কৰিব অসম চৰকাৰৰ শিল্পী

পেন্সন প্রাপক ঘনকান্ত দত্তই। ইয়াৰ পিছতেই প্রাক্তন ছাত্র-ছাত্রী সমাৰোহ আৰু সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হ’ব। অনুষ্ঠানটো উদ্বোধন কৰিব মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা গুৱাহাটীস্থ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ সহকাৰী প্ৰৱন্ধ যতীন গোহাঁইয়ে। বিয়লি চাৰে তিনি বজাত আমন্ত্রিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান।ইয়াৰ উপৰি সংবাদমেলখনত উদযাপন সমিটিৰ সম্পাদক তথা অধ্যক্ষ ড° মানজিৎ গগৈয়ে হীৰক জয়ন্তী বৰ্ষৰ বাবে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক বৰ্ষৰ আৰু স্নাতক প্ৰথম সান্মাষিকৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়খনৰ তৰফৰপৰা বিনামূলীয়াকৈ ইউনিৰ্ফম যোগান ধৰা বুলিও কয়৷

আনহাতে দুদিনীয়াকৈ আয়োজন কৰা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহত উদযাপন সমিতিৰ সভাপতি ড’ অনিল কুমাৰ গগৈ, কাৰ্যকৰী সভাপতি হিমাদ্রিজ্যোতি দত্ত আৰু সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানজিৎ গগৈয়ে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্রী, শিক্ষক- শিক্ষয়িত্রী, অভিভাৱক, শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

Leave A Reply

Your email address will not be published.