ashomiyapatrika.com

শিমলুগুৰিত শিশু সমাৰোহ সম্পন্ন

0 43

গৌৰীসাগৰঃ যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত ভগামুখ অংকুৰ মইনা পাৰিজাতৰ এদিনীয়া কায্যসূচীৰে শিশু সমাৰোহ সম্পন্ন হৈ যায়। ভগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিশু সমাৰোহত পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয়। শিমলুগুৰি আঞ্চলিক মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে সভাপতি হৰেন্দ্ৰ নাথ ৰাজখোৱাই আৰু অংকুৰ মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে মইনা অৰ্ণৱজ্যোতি হাজৰিকাই আৰু সহায় কৰে মইনা পাৰিজাতখনৰ সভানেত্ৰী সুৰ্বণ গগৈয়ে। স্মৃতি তপৰ্ণ কৰে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৰুনু চাংমাই বৰুৱাই। দুপৰীয়ালৈ মইনা অৰ্ণৱজ্যোতি হাজৰিকা সভাপতিত্ব অনুষ্ঠিত মুকলি

সভাখন শুভ উদ্বোধন কৰে সম্পাদক গণেশ বৰাই। সভাত শিশু সাহিত্যিক অৰুপজ্যোতি হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিশু সকলক সৰুকালৰ পৰাই অধ্যয়নৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশ সাধনত গুৰুত্ব দিবলৈ অভিভাৱক সকলক আহ্বান জনায়।ইয়াৰ উপৰি সভাখনত কবি তথা লেখক অৱসৰ প্ৰাপ্ত শিক্ষক অমৃত শইকীয়া,লোকগীতৰ অনাতাঁৰ শিল্পী তথা অৱসৰী শিক্ষক নীলমনি গগৈ আদি উপস্থিত থকাৰ লগতে স্মৃতিৰেখা হাজৰিকা, গায়ত্ৰী বৰা, সৃষ্টিপ্ৰিয়া বৰুৱা, মৃদুস্মিতা বাইলুং, দেৱদশিনী গগৈ,আস্থাজিতা গগৈ, আৰু সৃষ্টিপ্ৰিয়াই দত্ত আদি শিশু সকলে বক্তব্য প্ৰদান

কৰে৷ মইনা পাৰিজাতখনৰ সম্পাদিকা মৌচুমী দাসে আঁতধৰা সভাখনত অঞ্চলটোৰ শতাধিক ৰাইজৰ লগতে মইনা পাৰিজাতখনৰ উপসভানেত্ৰী ক্ৰমে মেঘালী বৰা, অঞ্জুলা গগৈ, ৰাজুমণি হাজৰিকা, জ্যোতি প্ৰকাশ বৰঠাকুৰ, প্ৰকাশ বৰুৱা, মনচুমী দত্ত আদি উপস্থিত থাকে। মুকলি সভাৰ পূৰ্বে শিশু সকলৰ মাজত চিত্ৰাংকণ কুইজ আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.