ashomiyapatrika.com

ভাৰতীয় বিজ্ঞানীৰ দলত অসম সন্তান পিংগল প্ৰত্যুষ

0 41

কোৱান্টাম এনক্ৰিপছন ব্যৱহাৰেৰে ৰেণ্ডম সংখ্যাৰ সৃষ্টি কৰি তথ্য সুৰক্ষাৰ এক নতুন পদ্ধতি উদ্ভাৱন ভাৰতীয় বিজ্ঞানীৰ

গৌৰীসাগৰঃ আজিৰ ডিজিটেল পৃথিৱীত তথ্য সুৰক্ষা সকলোৰে বাবে এক প্ৰধান সমস্যা ৷ তেনে এক সন্ধিক্ষণত তথ্য সুৰক্ষাৰ গৱেষণাত ভাৰতীয় বিজ্ঞানীয়ে কোৱান্টাম এনক্ৰিপছন ব্যৱহাৰ কৰি ৰেণ্ডম সংখ্যা সৃষ্টিৰে এক নতুন পদ্ধতি উদ্ভাৱন কৰিছে৷ এই নতুন পদ্ধতিয়ে আমাৰ সকলোৰে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পাছৱৰ্ডৰ বৰ্ধিত সুৰক্ষা প্ৰদান কৰিব৷ এই গৱেষণা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান(আই আই এচ চি),বাংগালোৰ, ৰমন ৰিচাৰ্চ ইন্সটিটিউট, ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান(আই এচ এচ আৰ, থিৰুৱনন্নপুৰম) আৰু কলকতাস্থ বোস ইন্সটিটিউটৰ বিজ্ঞানী সকলৰ দ্বাৰা সম্পন্ন হৈছে ৷ গৱেষক সকলে কয় যে আজিৰ ডিজিটেল

জগতত তথ্য সুৰক্ষাৰ বাবে পাছৱৰ্ড সুৰক্ষাৰ প্ৰযুক্তি অতি প্ৰয়োজনীয়। এই নতুন পদ্ধতিয়ে কোৱাণ্টাম এনক্ৰিপশ্যন ব্যৱহাৰ কৰি সৃষ্টি কৰা ৰেণ্ডম সংখ্যাৰ জৰিয়তে আমাৰ সকলোৰে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পাছৱৰ্ডৰ বৰ্ধিত সুৰক্ষা প্ৰদান কৰিব। এই উদ্ভাৱনে প্ৰচলিত দুটা কণাযুক্ত পদ্ধতিৰ ঠাইত একক কণাযুক্ত পদ্ধতিৰ ব্যৱহাৰ কৰিছে। একক-কণা প্ৰণালী ব্যৱহাৰ কৰি পৰীক্ষামূলক ছেটআপটোৱে, পৰম্পৰাগত দুটা-কণা পদ্ধতিৰ পৰিৱৰ্তে, প্ৰতি ছেকেণ্ডত প্ৰায় ৪০০০ বিটৰ আকৰ্ষণীয় হাৰত ৯ লাখতকৈও অধিক ৰেণ্ডম বিট সৃষ্টি কৰিছিল। এই উচ্চ-গতিৰ প্ৰণালীয়ে ৰেণ্ডম সংখ্যা ব্যৱহাৰ বিভিন্ন প্ৰযুক্তিত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি

কৰিছে।গৱেষণাত মূখ্য অৱদান আগবঢ়োৱা, সম্প্ৰতি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এচ চি আৰ )বাংগালোৰৰ পিএইচ ডি ছাত্ৰ, অসম সন্তান শিৱসাগৰৰ পিংগল প্ৰত্যুষ নাথে কয় যে, ‘প্ৰচলিত দুটা কণাযুক্ত পদ্ধতিত দুয়োটা কণিকাৰ মাজত ২০০ মিটাৰ দূৰত্ব বজাই ৰখাৰ প্ৰয়োজনীয়তাই সমগ্ৰ প্ৰক্ৰিয়াটো অতি জটিল কৰি তুলিছিল। কিন্তু একক-কণাযুক্ত পদ্ধতিত এই প্ৰক্ৰিয়া যথেষ্ট সৰল’৷ আমেৰিকান ফিজিকেল ছচাইটিৰ দ্বাৰা প্ৰকাশিত বিশ্বৰ আগশাৰীৰ জাৰ্ণেল ‘ফিজিকেল ৰিভিউ লেটাৰ(পি আৰ এল)’ত অলপতে প্ৰকাশ পোৱা উক্ত গৱেষণা পত্ৰৰ চাৰিজন বিজ্ঞানীৰ ভিতৰত প্ৰথম জন হিচাপে চিহ্নিত হৈছে অসমৰ পিংগল প্ৰত্যুষ নাথ। এই

গৱেষণাৰ অন্য তিনিজন সহযোগী বিজ্ঞানী হ’ল ক্ৰমে প্ৰফেচৰ উৰ্বশী সিনহা (ৰমণ ৰিছাৰ্চ ইন্সটিটিউট ), প্ৰফেচাৰ ড° দেবাশীষ সাহা (আই এচ এচ আৰ তিৰুৱনন্নপুৰম) আৰু দিপাংকৰ হম (বস ইন্সটিটিউট, কলকতা৷ উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ সোনতলিছিগা নিৱাসী পিংগল প্ৰত্যুষ নাথে ২০১৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ চফি মাৰ্চি হাইস্কুলৰ পৰা অসমৰ ভিতৰতে দ্বিতীয় স্থান আৰু ২০১৫ ঢনত ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত অসমৰ ভিতৰত দশম স্হান অধিকাৰ কৰিছিল। সৰুৰে পৰা অতি মেধাৰ পৰিচয় দিয়া পিংগল প্ৰত্যুষৰ জীৱনৰ লক্ষ্য আছিল এজন সফল

বিজ্ঞানীী হোৱাৰ ৷ তেওঁ লক্ষ্যক সাকাৰ ৰূপ দিবলৈ নামভৰ্তি কৰিছিল বাংগালোৰস্থ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এচ চি )ত ৷ সম্প্ৰতি এই প্ৰতিষ্ঠানৰ গৱেষক (পি এইচ ডি) পিংগল প্ৰত্যুষ সোণতলিছিগাৰ নিৱাসী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক হেমন্ত কুমাৰ নাথ আৰু শিৱসাগৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীৰ শিক্ষয়িত্ৰী দিপীকা নাথৰ পুত্ৰ। যুৱ বিজ্ঞানী গৰাকীৰ এই সফলতাত জন্মস্থান সোণতলীছিগাবাসী ৰাইজৰ লগতে শিৱসাগৰ জিলাবাসীয়ে আনন্দ প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.