দুল্লৰ্ভ চন্দ্ৰ গগৈ জকাইচুক উঃমাঃ বিদ্যালয়ৰ ৪গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা, শৈক্ষিক ন্যাস বিতৰণঃ চি চি আৰ টি জলপানী লাভ কৰা ছাত্ৰী আস্থাজিতা দত্তকো সম্বৰ্দ্ধনা
গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ চাৰিং দুল্লৰ্ভ চন্দ্ৰ গগৈ জকাইচুক উচচতৰ মাধ্যমিক বিদ্যালয়ত আজি এখনি বিদায় সম্বৰ্ধনা আৰু শৈক্ষিক ন্যাস বিতৰণ কৰা হয়৷ সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চিৰঞ্জীৱ গগৈয়ে৷ বিদ্যালয়ৰ জেষ্ঠ শিক্ষক উৎপল ভৰালী আৰু জীৱন খনিকৰে আঁতধৰা সভাত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ মহন্ত, জেষ্ঠ সাংবাদিক তথা গৌৰীসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ দত্ত আৰু সমাজকৰ্মী তথা ন্যাসদাতা প্ৰবীন কাকতি উপস্থিত থাকে৷ আস্থাজিতা দত্তই পৰিৱেশন কৰা সত্ৰীয়া নৃত্যৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চাৰি গৰাকী শিক্ষক ক্ৰমে বিমান বৰুৱা(বিষয় শিক্ষক
অৰ্থনীতি বিভাগ), বিনয় গগৈ, মণিকা বৰুৱা (বিষয় শিক্ষয়িত্ৰী, অসমীয়া বিভাগ) আৰু শেৱালী গগৈক বিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু ছাত্ৰ-ছাত্ৰী সকলে সম্বৰ্দ্ধনা জনায়৷ আনহাতে এই সভাতেই বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আস্থাজিতা দত্তই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ চি চি আৰ টি ৰ জলপানী লাভ কৰাত বিদ্যালয় পৰিয়ালবৰ্গই ছাত্ৰী গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ বিদ্যালয়ৰ অধ্যক্ষ গিৰীন্দ্ৰ কুমাৰ গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত অৱসৰী চাৰিওগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৃষ্ণ মহন্ত আৰু প্ৰবীন কাকতিয়েও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ৷ এই অনুষ্ঠানতেই ২০২৪ বৰ্ষৰ শৈক্ষিক ন্যাস বঁটা
সমূহ প্ৰদান কৰা হয় ৷ প্ৰয়াত কুলধৰ কাকতি, দেৱেশ্বৰ চুতীয়া আৰু ৰাতুল নাথ সোঁৱৰণি ন্যাস বঁটা লাভ কৰে বিদ্যালয়ৰ মেধাবী ছাত্ৰ-ছাত্ৰী ক্ৰমে আৰ্যুমা কাকতি (৯২:৪০ শতাংশ, উচচতৰ মাধ্যমিক), অয়নগীত বড়া (৯২ শতাংশ ,উচচ মাধ্যমিক), শান্তিপ্ৰিয়া গগৈ(৮৯ শতাংশ, উচচ মাধ্যমিক), ৰুমী ৰবি দাস(৮৬ শতাংশ, উচচ মাধ্যমিক) আৰু ৰশ্মিৰেখা খনিকৰে(৮৭ শতাংশ,উচচতৰ মাধ্যমিক)৷ সভাত বিদ্যালয়ৰ ছাত্ৰী ৰাজশ্ৰী দাসে এটি সৃষ্টিশীল নৃত্য পৰিৱেশন কৰে৷