শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ দ্বি বাৰ্ষিক অধিবেশনৰ সফল সামৰণি
গৌৰীসাগৰঃ সদৌ অসম লেখিকা সমাৰোহ সমিটিৰ অন্তৰ্গত শিৱসাগৰ জিলা সমিটিৰ আজি দিনজোৰা কায্যসূচীৰে অনুষ্ঠিত দ্বি বাৰ্ষিক অধিবেশন খনিৰ সফল সামৰণি পৰে। দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত অধিবেশনখনিৰ পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয়।তাৰ পাছতে অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কায্যসূচী। দুপৰীয়ালৈ জিলা সমিটিৰ সভানেত্ৰী তৰুলতা গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা সম্বৰ্দ্ধনা আৰু বঁটা বিতৰণি অনুষ্ঠান। দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ শুভ উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিটিৰ কায্যকৰী সভানেত্ৰী স্নিগ্ধা ৰাণী গগৈয়ে৷
উদ্বোধনী ভাষনত তেওঁ সদৌ অসম লেখিকা সমাৰোহ সমিটি এটা আন্তৰাষ্ট্ৰীয় সংস্থালৈ পৰিণত হোৱাটো অসমীয়া সাহিত্যৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰাৰ লগতে এনে ধৰণৰ অনুষ্ঠান গঢ় দি সাহিত্যিক সৃষ্টি কৰিব নোৱাৰিলেও প্ৰেৰণাৰ বাট মুকলি কৰিব পাৰে বুলি তাৎ্পয্যপূৰ্ণ মন্তব্য কৰে। তাৰ পাছতে আদৰণি ভাষন প্ৰদান কৰে জিলা সমিটিৰ কায্যকৰী সভানেত্ৰী দীপালি শইকীয়া বৰুৱাই। জিলা সম্পাদিকা সুভদ্ৰা বড়াই আতঁ ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক তথা সংগীত নাটক একাডেমিৰ সদস্য ড° অনিল শইকীয়া। তেওঁ সাহিত্য সৃষ্টিৰ বাবে বাতৰি কাকতৰ প্ৰতিটো বাতৰি লিখাৰ
এক সমল হব পাৰে বুলি মন্তব্য কৰে। লগতে তেখেতে অন্যান্য দেশৰ তুলনাত ভাৰতৰ এক লক্ষ জনসাধাৰণৰ মাজত মাত্ৰ ৬ খন গ্ৰন্থ প্ৰকাশ পায়। এইটো অতি পৰিতাপৰ বিষয় বুলি উল্লেখ কৰাৰ লগতে লেখিকা সমাৰোহ সমিটিয়ে নতুন সাহিত্যিকক সদায় প্ৰেৰণা যোগাই অহাৰ লগতে সৰ্বাধিক গ্ৰন্থ প্ৰকাশ কৰা বুলি উচ্চ প্ৰশংসা কৰে।ইয়াৰ উপৰি সভাখনত বিশিষ্ট অতিথি হিচাপে জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰুপমা মহন্ত, সম্পাদক সন্তোষ দত্ত, কেন্দ্ৰীয় কায্যনিৰ্বাহক সদস্য বিনোৱা টায়ে, দিখৌমুখ মহাবিদ্যালৰ অধ্যক্ষ ড° ৰঞ্জিত বৰুৱা, লেখিকা সমাৰোহ সমিটিৰ কেন্দ্ৰীয় সমিটিৰ সভানেত্ৰী সুৰ্ৱণ শইকীয়া বৰদলৈ, প্ৰধান সম্পাদিকা
মনোমতী কুৰ্মী, বিশিষ্ট সাহিত্যিক ড° অৰুন্ধতী মহন্ত, বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী মণিকা শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ড°সোণেশ্বৰ বৰা, কাঞ্চন শইকীয়া, আপকুৰ জিলা সমিটিৰ সভাপতি পদুম কুমাৰ শইকীয়াকে ধৰি আন বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থি থাকে। মুকলি সভাখনতে লেখিকা সমাৰোহ সমিটিৰ কেন্দ্ৰীয় সমিটিৰ সভানেত্ৰী, সম্পাদিকা ক্ৰমে সুৰ্ৱণ শইকীয়া বৰদলৈ আৰু মনোমতী কুৰ্মী, আপকুৰ জিলা সমিটিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক পদুম কুমাৰ শইকীয়াক বিশেষভাৱে সমবৰ্দ্ধনা জনোৱাৰ লগতে লোক সংস্কৃতিৰ গৱেষক বিশিষ্ট শিক্ষাবিদ ড° অনিল শইকীয়াক প্ৰজ্ঞা শিৰোমণি উপাধি, বিশিষ্ট শিক্ষাবিদ
সমাজকৰ্মী মণিকা শইকীয়াক ৰত্নোতমা উপাধি আৰু বিশিষ্ট লেখিকা ৰেণুমালা চাংমাইক মনস্ৰিণী উপাধি প্ৰদান কৰা হয়। লগতে জিলা সমিটিৰ সভানেত্ৰী তৰুলতা গগৈ আৰু সম্পাদিকা সুভদ্ৰা বড়াকো বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷ উক্ত সভাখনতে লেখিকা সমাৰোহ সমিটি সমদল গীত প্ৰজন্ম শীৰ্ষক গীতৰ শুভ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লোক সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াই। তাৰ উপৰি জিলা সমিটিৰ মুখপত্ৰ সুভাষিণী আৰু বশিষ্ট গংগা শাখাৰ মুখপত্ৰৰ লগতে আন বহুকেইখন গ্ৰন্থৰো শুভ উন্মোচন কৰা হয়। অন্যহাতে দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষনা কৰাৰ লগতে বঁটা প্ৰদান কৰা হয়।