শিৱসাগৰ জিলাৰ লেখিকা সমাৰোহৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন আয়োজন
গৌৰীসাগৰঃ শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অহা ২৩ মার্চ দিনা দিখৌমুখ মহাবিদ্যালয়ত দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ লেখিকা সমিতিৰ অধিৱেশন আয়োজন কৰা হৈছে। পুৱা ৮.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ মূল পতাকা উত্তোলন কৰাৰ লগতে শিৱসাগৰ জিলাৰ ওঠৰটা শাখাৰ নিজ নিজ পতাকা উত্তোলন কৰা হ’ব। পুৱা ১১.০০ বজাত শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী তৰুলতা গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত সম্মানীয় অতিথি হিচাপে উপস্থিত থাকিব যোৰহাট লোকসভা
সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবর্ণ শইকীয়া বৰদলৈ, প্রধান সম্পাদিকা মনোমতী কুর্মী, মৰাণ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° অনিল শইকীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰুপমা মহন্ত, আমগুৰি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ অমল দত্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰীঅধ্যক্ষ কার্তিক দত্ত, শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষা মণিকা শইকীয়া, শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° প্রকাশ কটকী, শিৱসাগৰ মহাবিদ্যালয়, তেল আৰু
প্রাকৃতিক গেছ আয়োগৰ অৱসৰী বিষয়া ৰজনী চাংকাকতি, দিখৌমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত বৰুৱা, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি বিনোৱা টায়ে, শিৱসাগৰ জিলা নেইষ্ট ফাউণ্ডেচনৰ অৱসৰী অধ্যক্ষ পোনাৰাম মিলি, শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্রধান শিক্ষক ড° সোণেশ্বৰ বড়া, শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰী গ্ৰন্থাগাৰিক দেৱ হাজৰিকা, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ কুমাৰ দত্ত আৰু আপকুৰ শিৱসাগৰ জিলাৰ সভাপতি পদুম কুমাৰ শইকীয়া। উক্ত অনুষ্ঠানতেই সম্বর্দ্ধনা, উপাধি আৰু বঁটা প্রদান কৰা হব।