বকোত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ কামৰূপ জিলা সমিতি গঠন সম্পৰ্কে সভা
বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জাতি উপ জাতি সমুহৰ স্বকীয় সংস্কৃতি সুদৃঢ় ৰূপত সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠিত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এখন বিশেষ সভা কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয়। আজি দিনৰ ভাগত বকোস্থিত চিলাৰায় ভৱনত অনুষ্ঠিত হোৱা সভাৰ আত ধৰে যুৱ কৰ্মী বিষ্ণু ৰাম দাসে। বহু কেই গৰাকী পুৰুষ আৰু মহিলাৰ উপস্থিতিত আয়োজন কৰা সভাত অংশগ্ৰহন কৰে সংগঠনটোৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলি আৰু কেন্দ্ৰীয় সমিতিৰ যুৱ মঞ্চৰ কাৰ্য্যকৰী সভাপতি হিতেশ পাটৰ সহ কাৰ্য্যকৰী সদস্যা ঊষা ৰাভা। সভাত সম্পাদক প্ৰহ্লাদ মিলি কাম হিতেশ পাটৰে জনগোষ্ঠীয় সাংস্কৃতিক এক্য মঞ্চ নামৰ
সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত বহল বাখ্যা দাঙি ধৰে। সম্পাদক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ৰাজ্যৰ ভিন্ন জাতি জনজাতিৰ স্বকীয় শিক্ষা – সংস্কৃতিৰ বৈশিষ্ট্য এক লগ কৰি এখন মঞ্চত উপনিত কৰায় আগবঢ়াই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ নতুন প্ৰজন্মৰ স্বকীয় পাৰদৰ্শিতা বিকাশ ঘটোৱাৰ আঁচনি গ্ৰহণ কৰা হৈছে। সকলো জাতি জনজাতিৰ লোকৰ মাজত সদভাৱ – সম্প্ৰতি ৰক্ষা কৰিবলৈ প্ৰয়াস কৰে হৈছে। এনে বহু সামাজিক কৰ্মৰাজিৰে সমাজ গঠনৰ চেষ্টা অব্যাহত ৰাখিছে। এই উপলক্ষে দক্ষিণ কামৰূপ জিলা সমিতি গঠন সম্পৰ্কে আলোচনা কৰা হয় আৰু বকোৰ মিলন
ৰাভা, উমেশ চন্দ্ৰ ৰাভা, দেৱানন্দ দাস, ৰশ্মি ৰাভা আৰু জানকী ৰাভা বড়োক আহ্বায়ক মণ্ডলী গঠন কৰি ৰাজহুৱা সভা আয়োজন কৰি জিলা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।