ashomiyapatrika.com

ফুলপানীছিগাৰ ৯৪ সংখ্যক ৰাস মহোৎসৱৰ হিচাব দাখিলঃ ২,৪৩,৯৫১ টকা ৰাহি

0 32

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ বৃহত্তৰ জাঁজী- ফুলপানীছিগা অঞ্চলৰ অন্যতম পুৰণি আধ্যাত্মিক তথা বৌদ্ধিক অনুষ্ঠান ফুলপানীছিগা আঞ্চলিক ৰাসমহোৎসৱ বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰত যোৱা ২৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৯৪ সংখ্যক ৰাস মহোৎসৱৰ হিচাব যোৱা ৪ ফেব্ৰুৱাৰীত দাখিল কৰা হয়৷ এই উপলক্ষে আজি কলা কৃষ্টি কেন্দ্ৰত অৱসৰপ্ৰাপ্ত শিক্ষক অশোক দত্তৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ ফুলপানীছিগা আঞ্চলিক ৰাসমহোৎসৱ বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ সম্পাদক পুস্পধৰ নেওগে উদ্দেশ্য ব্যাখ্যা কৰা সভাত হিচাব পৰীক্ষকদ্বয়

ৰমেশ গগৈ আৰু বিশ্বজিৎ নেওঁগে হিচাব পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰে৷ এইবছৰ বিভিন্ন শিতানৰ পৰা মুঠ ৫,২৬,৬৩৯ টকা সংগ্ৰহ হয় আৰু ২,৪৩,৯৫১ টকা খৰচ হয়৷ মুঠ ৰাহিৰ পৰিমান হ’ল ২,৪৩,৯৫১ টকা৷ সভাত হিচাব পৰীক্ষকদ্বয়ে ২০২৩ বৰ্ষৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়-ব্যয়ৰ হিচাব পত্ৰ অতি নিয়াৰিকৈ আৰু প্ৰণালীবদ্ধ ভাবে কৰা বুলি উল্লেখ কৰে৷ সভাত উদযাপন সমিতিৰ সভাপতি বিৰিঞ্চি কুমাৰ গগৈ আৰু সম্পাদক ৰাতুল বৈৰাগীক ৰাসমহোৎসৱ বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ ফালৰ পৰা একোখনকৈ গামোছা আৰু ধৰ্ম গ্ৰন্থৰে সম্বৰ্দ্ধনা জনায়৷ উল্লেখ্য যে চলিল বৰ্ষত অসম চৰকাৰে ৰাসমহোৎসৱ উদযাপন

কৰিবলৈ ২৫,০০০ (পঁচিশ হাজাৰ) টকা আগবঢ়োৱাত সভাই অসম চৰকাৰৰ এনে প্ৰচেষ্টাক শলাগ জনাই কৃতজ্ঞতা প্ৰকাশ কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে এই সভাতেই ২০২৩ বৰ্ষৰ ৭ আৰু ৮ এপ্ৰিলত ৰাসমহোৎসৱ বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰত দুদিনীয়াকৈ অনুষ্ঠিত নাম সমাৰোহৰও হিচাব দাখিল কৰা হয় ৷

Leave A Reply

Your email address will not be published.