ashomiyapatrika.com

শিৱসাগৰ জিলাৰ মইনা পাৰিজাতৰ ষষ্ঠদশ সংখ্যক কৰ্মশালা সম্পন্ন

0 44

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ মইনা পাৰিজাতৰ ষষ্ঠদশ সংখ্যক কৰ্মশালাখনি আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত ‘মইনা পাৰিজাতৰ নতুন নিয়মাৱলী আৰু বিত্তীয় হিচাপ ৰক্ষণ, মইনাৰ ভাষণ প্ৰস্তুতি আৰু শাখাৰ মেল পৰিচালনা সন্দৰ্ভত এক কৰ্মশালা’ অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে শিৱসাগৰ জিলাৰ মইনা পাৰিজাতৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়াই৷ বন্তি প্ৰজ্বলন কৰে সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য সূৰ্যকান্ত ভূঞাঁই৷ পুৱা দহ বজাত কৰ্মশালাখনি শুভাৰম্ভ কৰি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড’ হেমন্ত কুমাৰ ফুকনে কয় যে যুক্তিপূৰ্ণ চিন্তাৰে আগবঢ়াটোকে বিজ্ঞান বোলে৷ আমন্ত্ৰিত অতিথি হিচাপে

উপস্থিত থাকে আপকু শিৱসাগৰ জিলা সমিতিৰ সভাপতি পদুম কুমাৰ শইকীয়া৷ জিলা মইনা পাৰিজাতৰ সম্পাদক গৌতম বড়াই আঁতধৰা অনুষ্ঠানটিত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক মোহন চন্দ্ৰ দত্তই সদৌ অসম মইনা পাৰিজাতৰ নতুন নিয়মাৱলী সম্পৰ্কত আলোকপাত কৰে৷ দিনৰ বাৰ বজাত পিয়লী ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা জ্যোতি গগৈ চুতীয়াই৷ বিয়লি এক বজাত সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য পূৰ্ণিমা দত্তই শাখাৰ মেল পৰিচালনাৰ সন্দৰ্ভত বক্তব্য ৰাখে৷ সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক মোহন চন্দ্ৰ দত্তই বিত্তীয় হিচাপ ৰক্ষণ সন্দৰ্ভত বক্তব্য ৰাখে৷ বিয়লি চাৰি বজাত অসম সংগীতে অনুষ্ঠানটি সামৰণি পৰে৷

Leave A Reply

Your email address will not be published.