ashomiyapatrika.com

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমলতা হাজৰিকা দত্তৰ মৃত্যু

0 39

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ বাৰীচোৱা গাওঁ নিৱাসী তথা কোঁৱৰপুৰ লৰা মজলীয়া বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত হেমলতা হাজৰিকা দত্তৰ আজি পুৱতি নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই বহুতো গুণমুগ্ধই তেখেতৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৯ বছৰ৷ মৰাণ কচুমাৰী নিৱাসী প্ৰয়াত মিনাৰাম হাজৰিকা আৰু প্ৰেমলতা হাজৰিকাৰ প্ৰথমা কন্যা৷ হেমলতা হাজৰিকাৰ জন্ম হৈছিল ১৯৫৫ চনত ১জুলাইত৷ কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হেমলতা হাজৰিকাই ১৯৭১ চনত মেট্ৰিক আৰু

১৯৭২ আই এ পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৭৩চনৰ ২২ বহাগত কোঁৱৰপুৰৰ বাৰীচোৱা গাঁৱৰ নিৱাসী প্ৰেমেশ্বৰ দত্তৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা হেমলতা হাজৰিকাই প্ৰথমে ১৯৭২ চনত কচুমাৰী প্ৰাথমিক বিদ্যালয়ত চাকৰিত যোগদান কৰে৷ ইয়াৰ পাছত ১৯৭৪ চনত খাটোৱাল প্ৰাথমিক বিদ্যালয়ত আৰু ১৯৭৫ চনত কোঁৱৰপুৰ লৰা মজলীয়া বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি ২০১৫ চনৰ ৩১ জুলাইত উক্ত বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাবে অৱসৰ গ্ৰহণ কৰে৷ এই গৰাকী শিক্ষয়িত্ৰীক ২০০৭ চনত শিৱসাগৰ জিলা কৃৰ্তী শিক্ষয়িত্ৰী আৰু ২০০৮ চনত ৰাজ্যিক কৃৰ্তী শিক্ষয়িত্ৰী বঁটা প্ৰদান কৰা হয়৷ ইয়াৰোপৰি ২০০৯ চনত

নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা কৃৰ্তী শিক্ষয়িত্ৰীৰ পুৰস্কাৰ গ্ৰহণ কৰে৷ এগৰাকী আদৰ্শমাতৃ হিচাবে দুই পুত্ৰ আৰু দুই কন্যা আজি সমাজত প্ৰতিষ্ঠিত৷ জেষ্ঠ পুত্ৰ অংশুমান দত্ত শিৱসাগৰ জিলাৰ সাংস্কৃতিক বিষয়া আৰু কনিষ্ঠ পুত্ৰ ড° অংকুৰণ দত্ত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ শ্ৰীলংকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক৷ দুয়োগৰাকী জীয়ৰী অংশুমালা দত্ত আৰু আগমণি দত্ত উচচ সুশিক্ষাৰে শিক্ষিত৷ তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে কোঁৱৰপুৰ ল’ৰা মজলীয়া বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তেখেতৰ বাসগৃহলৈ গৈ প্ৰিয় শিক্ষয়িত্ৰী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে৷ তেখেতৰ মৃত্যুত কোঁৱৰপুৰ বাৰীছোৱা গাওঁ নামঘৰ

সমাজ, কোঁৱৰপুৰ প্ৰেছ ক্লাব, আপকু শিৱসাগৰ জিলা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে শিক্ষয়িত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ স্বামী বিশিষ্ট ভাস্কৰ্য শিল্পী তথা কোঁৱৰপুৰ উঃ মাঃ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক প্ৰেমেশ্বৰ দত্ত, দুজন পুত্ৰ, বোৱাৰী, দুগৰাকী জী-জোঁৱাই, নাতি- নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে ৷

Leave A Reply

Your email address will not be published.