ashomiyapatrika.com

শিৱসাগৰত উলহ মালহেৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনঃ মন্ত্রী সঞ্জয় কিষাণে উত্তোলন কৰে ৰাষ্ট্রীয় পতাকা

0 38

গৌৰীসাগৰঃ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে শিৱসাগৰ জিলাতো আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। জিলাৰ সদৰ শিৱসাগৰৰ ঐতিহাসিক বর্ডিং খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত বিপুল জনতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ শ্ৰম, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে। নিজ ভাষণত মন্ত্রী গৰাকীয়ে দেশৰ শ্বহীদ, মুক্তি যোদ্ধা সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীন ভাৰতৰ সংবিধান প্রণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ লগতে সংবিধান সভাৰ লগত জড়িত দেশৰ মহান নেতা সকলকো তেওঁ শ্ৰদ্ধাৰে সুৱৰে। ভাষণ প্ৰসঙ্গত মন্ত্ৰী


গৰাকীয়ে কয় যে স্বাধীনতাৰ ৭৫ তম বর্ষটোক প্রধান মন্ত্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু তাৰ পৰৱৰ্তী কালছোৱাক ভাৰতবৰ্ষৰ অমৃতকাল ৰূপে ঘোষণা কৰিছে। এই অমৃত কালৰ অমৃত সময়ত আমাৰ ৰাজ্যখনকো প্রত্যাশিত লক্ষ্যত উপনীত কৰাবৰ বাবে আমি সকলোৱে সমন্বিত প্রচেষ্টাৰে আগুৱাব লাগিব। আমাৰ ৰাজ্যখনক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ শাৰীত থিয় কৰাবৰ বাবে আমাৰ দূৰদৰ্শী আৰু কর্মদক্ষ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ সৱল নেতৃত্বত আমাৰ ৰাজ্যতো ইতিমধ্য কর্মযজ্ঞ আৰম্ভ হৈছে। মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত হৈ থকা উন্নয়মূলক কামৰ খতিয়ানো ডাঙি ধৰে। অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে

চিআৰপিএফ, ৪৯ নং আসাম নেভেল ইউনিট, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি গোট, স্কাউট গাইড, লিগিবিপুখুৰী প্ৰথম অসম বেটেলিয়ানৰ বেও প্লাটোন আদিকে ধৰি ১৪ টা দলৰ কুচকাৱাজ পৰিদৰ্শন আৰু অভিবাদন গ্রহণ কৰে। আজিৰ এই গণৰাজ্য দিৱসৰ অনুষ্ঠানত কৃষি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু সমাজকল্যান বিভাগে প্রদর্শন কৰা প্রতীক পটে উপস্থিত সকলোকে আকর্ষিত কৰে। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে আৰু বন্দে মাতৰম, সমন্বয়ৰ নৃত্য, ঝুমুৰ নৃত্য, ঝালী ৰাণী নৃত্য, গাৰো নৃত্য আৰু বিহু নৃত্য প্রদর্শন কৰে। আজিৰ এই


অনুষ্ঠানতে জিলাখনত বিভিন্নক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে ২৬ গৰাকী লোকক উৎকর্ষতা বঁটা, কুচ কারাজত অংশগ্রহণ কৰা বিজয়ী দলক বঁটা প্ৰদান কৰাৰ লগতে ক্রীড়া নিপুনতাৰ বাবে দুগৰাকী ক্রীড়াবিদকো মুখ্য অতিথি গৰাকীযে বঁটা প্ৰদান কৰে। ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱস উপলক্ষে জিলাখনৰ কেইবাটাৰ বিভাকে স্থাপন কৰা স্টল পৰিদৰ্শন কৰে।মূল অনুষ্ঠানৰ পূর্বে মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত আনন্দৰাম বৰুৱা উদ্যান আৰু পিয়লি ফুকন উদ্যানত শ্বহীদ তৰ্পন কৰে। জিলা আয়ক্ত আদিত্য বিক্রম য়াদৱ আৰু আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰাইও শ্বহীদ তর্পন অনুষ্ঠানত অংশগ্রহণ কৰে।

Leave A Reply

Your email address will not be published.