শিৱসাগৰত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আঁচনিৰ বিশেষ পঞ্জীয়ন অভিযান
গৌৰীসাগৰঃ সমগ্ৰ শিৱসাগৰ জিলাত আজিৰ পৰা ৰূপায়ন হৈছে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আঁচনিৰ বিশেষ পঞ্জীয়ন অভিযান৷ আজি শিৱসাগৰ জিলাৰ ৬ টা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত সকলো অংগনবাড়ী কৰ্মী, মুখ্যসেৱিকা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্য্যক্ৰম সমন্বয়ক, জিলা কাৰ্য্যক্ৰম সহায়ক, জিলা মিছন সমন্বয়ক, লিংগ বিষেশজ্ঞাৰ দ্বাৰা প্ৰতিখন গাঁও আৰু নগৰ অঞ্চলৰ ৮ লাখ বাৰ্ষিক আয়ৰ তলৰ সকলো যোগ্য গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মহিলা হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰি মুঠ ৫০০০ টকা প্ৰথমটো জীৱিত সন্তানৰ বাবে আৰু মুঠ ৬০০০ টকা ২য় কন্যা সন্তানৰ বাবে অনলাইন যোগে
পঞ্জীয়ন অভিযান কৰা হয়৷ এই পঞ্জীয়ন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া বৰ্ণালী খাতিৱাৰাৰ লগতে আটাইকেইটা প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া সকল আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলে। কাইলৈও আটাইকেইটা শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্য্যালয়ত চলি থাকিবলগা এই কাৰ্য্যসূচীত সকলো যোগ্য হিতাধিকাৰীক পঞ্জীয়নৰ সুবিধা গ্ৰহণ কৰিবলৈ জিলা সমাজ কল্যাণ বিষয়া বৰ্ণালী খাতিৱাৰাই আহ্বান জনাইছে৷