ashomiyapatrika.com

আলোক সন্ধানীঃ মইনা পাৰিজাতৰ আতিথ্যত শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট প্ৰতিযোগিতাৰ সফল সামৰণি

0 40

গৌৰীসাগৰঃ শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট প্ৰতিযোগিতাখনি আলোক সন্ধানী মইনা পাৰিজাতৰ আতিথ্যত আৰু ভটীয়াপাৰবাসী ৰাইজৰ সহযোগত আজি ভটীয়াপাৰ সামূহিক প্ৰেক্ষাগৃহত সপন্ন হৈ যায়। পুৱা পতাকা উত্তোলন কৰে আলোক সন্ধানী মইনা পাৰিজাতৰ সভাপতি সাগৰ বড়াই তাৰ পাছতেই স্মৃতি তৰ্পণ কৰে কনক চেতিয়া আৰু দুলাল গগৈয়ে৷ দহ বজাত বন্তি প্ৰজ্বলন কৰে কণ্ঠেশ্বৰী দিহিঙ্গিয়াই৷ ১০:১৫বজাত শিশু একাংক নাট প্ৰতিযোগিতাখনি শুভ উদ্ধোধন কৰে অৱসৰী প্ৰধান শিক্ষক গহীন গগৈয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা মইনা পাৰিজাতৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়া

কাৰ্যকৰী সভাপতি ধ্ৰুৱপ্ৰসাদ শইকীয়া, আপকু শিৱসাগৰ জিলা সমিতিৰ সভাপতি পদুম কুমাৰ শইকীয়া। জিলা সম্পাদক গৌতম বড়াই আঁত ধৰা অনুষ্ঠানটিত দহটি নাট্য দলে অংশগ্ৰহণ কৰে। প্ৰথম স্থান লাভ কৰে জেউতি পাৰিজাতৰ নাটক ডাইৰেক্টৰ ৰাণী, দ্বিতীয় জেৰেঙা পাৰিজাতৰ কংস বধৰ আখৰা। তৃতীয় স্থান লাভ কৰে সন্ধানী পাৰিজাতৰ দুৰদৰ্শী অদূৰদৰ্শী আৰু প্ৰত্যুৎপন্নমতি নাটকে। শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে নয়নজ্যোতি বড়াই৷ শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰী সুন্দৰপুৰ পাৰিজাতৰ শিৱাংগ প্ৰিয়ম দত্ত আৰু অদ্ৰিকা দত্তই৷ শ্ৰেষ্ঠ পাণ্ডুলিপি পাঞ্চজন্য পাৰিজাতৰ পৰিণীতা শৰ্মাৰ এক হৈ যা নাটে আনহাতে শ্ৰেষ্ঠ আৱহ সংগীত

সন্ধিয়াৰ সুৰ পাৰিজাত, শ্ৰেষ্ঠ মঞ্চসজ্জা সুম্দৰপুৰ পাৰিজাত আৰু শৃংখলাবদ্ধ বঁটা লাভ কৰে ৰূপালী মইনা পাৰিজাতে৷ উল্লেখযোগ্য যে আগন্তুক ২০২৪ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক একাংক নাট প্ৰতিযোগিতা শ্ৰেষ্ঠ নাট্যদল জেউতি মইনা পাৰিজাতে শিৱসাগৰ জিলাৰ হৈ অংশগ্ৰহণ কৰিব৷

Leave A Reply

Your email address will not be published.