ashomiyapatrika.com

কোঁৱৰপুৰ মৌজাৰ বলিয়াঘাট উজনি গাওঁ বৰনামঘৰৰ ২০০ বছৰ বৰ্ষপুতি অনুষ্ঠানৰ আয়োজন

0 46

গৌৰীসাগৰঃ অসমীয়া জাতিৰ প্ৰাণ স্বৰূপ ধৰ্মীয় সেৱাস্থলী ৯ খন গাঁৱৰ পূৰ্বৰ মৃত পিতৃ গুৰু সকলৰ উদ্যোগত ১৮২৩ চনতেই বলিয়াঘাট বৰনামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছিল৷ সেয়েহে ৯ খন গাঁৱৰ ৰাইজৰ সহযোগত অহা ২ আৰু ৩ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কোঁৱৰপুৰ মৌজাৰ বলিয়াঘাট বৰনামঘৰ প্ৰাঙ্গণত উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে৷ এই উপলক্ষে অজিত বড়াক সভাপতি বিপুল বড়াক কাৰ্যকৰী সভাপতি আৰু গকুল চন্দ্ৰ দত্তক প্ৰধান সম্পাদক হিচাপে লৈ এখনি বিশাল উদযাপন সমিতি গঠন কৰা হয়৷ ২ ডিচেম্বৰৰ দিনা পুৱা সাত বজাত ন খন গাঁৱৰ ন জন বয়োজ্যোষ্ঠ ব্যক্তিৰ দ্বাৰা ন খন ধৰ্ম ধ্বজ্বা উত্তোলন৷ ৮ বজাত ভাগৱত ভ্ৰমণ

দুপৰীয়া ১২ বজাত দিহানাম দিনৰ ২ বজাত মুকলি সভা। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক তুৱাৰাম খনিকৰ৷ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বীৰ লাচিত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক শান্তনু বুঢ়াগোহাঁই৷ ৩ ডিচেম্বৰ দিনা ভাগৱত সামৰণি, নাম প্ৰংসঙ্গ৷ নিশা ৮ বজাত স্থানীয় যুৱক বৃন্দৰ দ্বাৰা “যযাতিৰ মুক্তি লাভ” ভাওনা ভাগি শুভ উদ্ধোধন কৰিব টিয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰবিন শইকীয়াই৷

Leave A Reply

Your email address will not be published.