কোঁৱৰপুৰত কৃষ্টি বিকাশ সমাজৰ উদ্যোগত শিশু সমাৰোহৰ আয়োজন
গৌৰীসাগৰঃ নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলক সামাজিক আৰু সাংস্কৃতিক, বৌদ্ধিক তথা শৈক্ষিক উত্তৰণত জড়িত কৰাৰ প্ৰয়াসেৰে অহা ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কোঁৱৰপুৰ বলিয়াঘাটত অৱস্থিত কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহত কৃষ্টি বিকাশ সমাজৰ উদ্যোগত পাতিবলৈ আয়োজন কৰা হৈছে। এই উপলক্ষে নৱকান্ত শইকীয়াক সভাপতি ধুব্ৰ প্ৰসাদ শইকীয়াক কাৰ্যকৰী সভাপতি প্ৰণৱ বড়া আৰু পৰশমণি হাজৰিকাক যুটীয়া সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰা হয়। কাৰ্যসূচী অনুসৰি ১৪ নৱেম্বৰৰ দিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব কৃষ্টি বিকাশ সমাজৰ সভাপতি মহ: আব্দুল হকে , স্মৃতি তৰ্পণ কৰিব
উদযাপন সমিতিৰ সভাপতি নৱকান্ত শইকীয়াই । ৯ বজাত গছপুলি ৰোপন কৰিব সূৰ্য কুমাৰ বৰুৱা, বুধীন্দ্ৰ নাথ বৰুৱা আৰু ভূপেন্দ্ৰ নাথ হাজৰিকাই৷ ৯:৩০ বজাত প্ৰতিযোগিতা উদ্ধোধশ কৰিব বিৰঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড জ্যোতিপ্ৰসাদ শইকীয়াই৷ দিনৰ দুই বজাত জিলা ভিত্তিত তৰ্ক প্ৰতিযোগিতা। বিয়লি চাৰি বজাত বিষ্ণুৰাভা সংগীত, জ্যোতিসংগীত, পাৰ্বতীপ্ৰসাদ সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব৷ সন্ধ্যা ৭ বজাত সাংস্কৃতিক আৰু সম্বৰ্ধনা অনুষ্ঠানটি উদ্ধোধন কৰিব ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমিৰ সচিব ৰাজু দাসে। ১৫ নৱেম্বৰৰ দিনা পুৱা দহ বজাত কৃষ্টি বিকাশ
সমাজৰ প্ৰতিষ্ঠাপক বিষ্ণু বৰুৱা আৰু খগেন বৰুৱা সোঁৱৰণী প্ৰাইজমণি সাংস্কৃতিক শুভাযাত্ৰা উদ্ধোধন কৰিব কৃষ্টি বিকাশ সমাজৰ কাৰ্যকৰী সভাপতি ৰাজেন কাকতিয়ে। ১১:৩০ বজাত ব্যায়ামগাৰ উদ্ধোধন কৰিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে । দিনৰ এক বজাত মুকলি সভাখনিত পৌৰহিত্য কৰিব শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী কস্তৰী ভূঞাই । অতিথি মইনা হিচাবে উপস্থিত থাকিব শিৱসাগৰৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী নশ্বাবন্ধন দত্ত আৰু কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মমিতা ফুকন । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শ্যাম সুন্দৰ দুৱৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক
বেদনাথ বৰুৱা, নকটানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপক আৰন্ধৰা, শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয়কৃষ্ণ দত্ত আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নৱজ্যোতি শন্মাই। সন্ধ্যা ৬ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব দ্বিতীয় অসম ঔদ্যোগিক। সুৰক্ষা বাহিনীৰ অধিনায়ক পংকজ প্ৰতিম বৈৰাগীয়ে৷ গতিকে সমুহ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে৷