ashomiyapatrika.com

জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত ‘বৌদ্ধিক সম্পত্তিৰ অধিকাৰ’ সম্পৰ্কীয় সপ্তাহযোৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

0 33

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন প্ৰাপ্ত গান্ধী অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত অসম মহিলা বিশ্ববিদ্যালয় আৰু দিখৌমুখ মহাবিদ্যালয়ৰ সহযোগত যোৱা ২ নৱেম্বৰৰ ৮ নৱেম্বৰলৈ সপ্তাহ যোৰা এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। ”Emerging Trends in Intellectual Property Rights in Indian Context” (এমাৰজিং ট্রেণ্ডছ ইন ইন্টেলেক্সুৱেল প্ৰপাৰ্টি ৰাইটছ ইন ইণ্ডিয়ান কনটেক্সত) শীর্ষক বিষয়ত অনুষ্ঠিত উক্ত কৰ্মশালাত মুঠ ৪১ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা ১৪৭ গৰাকী অংশগ্ৰহণকাৰীয়ে যোগদান কৰে। ২ নৱেম্বৰত ড° মানজিৎ গগৈৰ সঞ্চালনাত অনুষ্ঠিত

উদ্বোধনী অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দেৱব্ৰত দাসে আৰু বীজ ভাষণ প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° কিশোৰ কুমাৰ শৰ্মাই। কৰ্মশালা সমন্বয়ক ড° বসন্ত সন্দিকৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানত দিখৌমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ পাৰ্থ প্ৰতিম বৰা উপস্থিত থাকে। প্ৰথম দিনৰ প্ৰথম কাৰিকৰী সত্ৰত অসম মহিলা বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ সহকাৰী অধ্যাপক ড° পাৰ্থ প্ৰতিম বৰাই “Insights into IPR” ( ইনচাইটছ ইন টু আৰ পি আই) বিষয়ত বক্তব্য আগবঢ়ায়। অনলাইন মাধ্যমত অনুষ্ঠিত

পাঁচ দিনৰ কাৰিকৰী সত্ৰত কটন বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° দ্বীপ জ্যোতি কলিতাই “IPR for Digital Academic Contents” (আৰ পি আৰ ফৰ ডিজিটেল একাডেমিক কনটেণ্ট) আৰু Research and Publication Ethics (ৰিচাৰ্চ এণ্ড পাব্লিকেচন এঠিক্স) বিষয়ত, কটন বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপিকা ড° সৌৰভি বৰঠাকুৰে Importance of IPR in Present Economy (ইমপৰটেনছ অফ আৰ পি আই ইন প্ৰেজেন্ট ইক’নমি) বিষয়ত, CSIR – NEIST Bio NEST Incubatorৰ পৰিচালক দেৱাশীষ দত্তই Intellectual Property Rights in context of NEP (ইনটেলেকচুৱেল

প্ৰপাৰ্টি ৰাইটছ ইন কনটেক্স অফ এনে ই পি) বিষয়ত, USTMৰ অধ্যাপক অমৃত চৌধুৰীয়ে Application of IPR in Trade and Commerce (এপ্লিকেচন অফ আৰ পি আৰ ইন ট্ৰেড এণ্ড কমাৰ্চ) বিষয়ত, USTM ৰ অধ্যাপিকা মঞ্জিৰা শইকীয়াই Intellectual Property Right Act ( Violation)( ইনটেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ এক্ট – ভাইঅ’লেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° কুমাৰেশ শৰ্মাই Patent and Intellectual Property Rights( পেটেণ্ট এণ্ড ইনটেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ) বিষয়ত বক্তৃতা আগবঢ়ায়। ৮ তাৰিখে অন্তিম দিনৰ কার্যসূচীত মহাবিদ্যালয়ৰ ডিজিটেল সভা কক্ষত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই সঞ্চালনা কৰা

শেষ কাৰিকৰী সত্ৰত বাহনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ পংকজ বৰাই Gandhian Philosophy and Indian IPR ( গান্ধীয়ান ফিল’চফী এণ্ড ইণ্ডিয়ান আই পি আৰ) বিষয়ত বক্তৃতা প্ৰদান কৰে। দুদিন অফলাইন আৰু পাঁচ দিন অনলাইন মাধ্যমত অনুষ্ঠিত কৰ্মশালাত বক্তৃতাৰ লগতে গৃহ নিৰ্দেশিত কৰ্ম আৰু কুইজ তথা মতামতৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলৰ লগত সংযোগ স্থাপন কৰা হয়। অন্তিম দিনা দিনৰ ১ বজাৰ পৰা ড° মানজিৎ গগৈৰ সঞ্চালনাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ ভৱানী কুমাৰ বৰুৱা, গড়গাঁও মহাবিদ্যালয়ৰ ড° সব্যসাচী মহন্ত, অসম মহিলা

বিশ্ববিদ্যালয়ৰ ড° পাৰ্থ প্ৰতিম বৰা, প্ৰাক্তন অধ্যাপক তথা অসম কলেজ শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি জ্যোতিপ্ৰসাদ গগৈ আৰু মহাবিদ্যালয় গান্ধী অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক , সহযোগী অধ্যাপিকা মনোৰিমা ভাগৱতীয়ে অংশগ্ৰহণ কৰে। সহকাৰী অধ্যাপক ড° মণ্টু কুমাৰ বড়াই আঁতধৰা আৰু সহকাৰী অধ্যাপক ৰবিশঙ্কৰ গগৈয়ে সকলো কাৰিকৰী সত্ৰৰ সাৰাংশ দাঙি ধৰা এই অনুষ্ঠানতে সদ্য ডক্টৰেট ডিগ্ৰী প্ৰাপক সহকাৰী অধ্যাপক ড° বসন্ত সন্দিকৈক মহাবিদ্যালয় শিক্ষক গোটৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত সহযোগী আয়োজক অনুষ্ঠানৰ হৈ দিখৌমুখ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° ৰমেন কলিতা , অংশগ্ৰহণকাৰীসকলৰ হৈ

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ড° মহান ৰঞ্জন দত্ত আৰু টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা গৱেষক মনোমালা হাজৰিকাই কৰ্মশালাৰ অনুভৱ ব্যক্ত কৰে। সপ্তাহযোৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত সকলোৰে সহযোগিতাৰ বাবে অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক মনোৰিমা ভাগৱতী আৰু কৰ্মশালা সমন্বয়ক ড° বসন্ত সন্দিকৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.