ashomiyapatrika.com

চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে অৱশেষত ৰাজপথলৈ আহিল ৰূপহীমুখবাসী

0 34

ৰাষ্ট্ৰীয় ঘাই পথত কেইবা ঘন্টা ধৰি দুই শতাধিক যান বাহন আবদ্ধ

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ জাঁজী দলঙৰ পৰা ডিমৌলৈকে মুঠ ৪৪ কিল’মিটাৰ দুৰত্বৰ পথচোৱাৰ নিৰ্মাণৰ কাম কাজ দেখি সাধাৰণ ৰাইজৰ চকু কপিলত উঠিছে। কেৱল সেয়াই নহয় পথ নিৰ্মাৰ্ণত নিয়োজিত সংস্থা সমূহৰ কাম কাজে ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিকাষৰীয়া ৰাইজৰ লগতে প্ৰতিজন যাত্ৰীক ক্ষোভিত কৰি তুলিছে। চুড়ান্ত দায়িত্বহীনতা, মইমতালিৰ লগতে সাধাৰণ ৰাইজক জীৱন যাত্ৰা ব্যাহত কৰি পথ নিৰ্মাণ কায্য চলাই থকা নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে আজি ভটীয়াপাৰ সমীপৰৰ ৰূপহীমুখৰ মহিলাসকলৰ ক্ষোভৰ উদ্গীৰণ ঘটে। মহিলা সকল ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ লগতে পথ নিৰ্মাণকাৰী সংস্থা মুৰ্দাবাদ, এন এইচ

আই ডি চিয়েল মুদ্ৰাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। যাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথটোত প্ৰায় দুঘন্টাতকৈ অধিক সময় ধৰি শতাধিক যান বাহন আবদ্ধ হৈ পৰে। যোৱা ছয় সাত বছৰে ইটোৰ পাছত সিটো নিৰ্মাণকাৰী সংস্থা পলায়নবাদী ভূমিকা লোৱাৰ পাছত শেহতীয়াকৈ গুৱাহাটীৰ ফ’ৰ ষ্টাৰ নামৰ সংস্থাটোৱে নিৰ্মাণ কায্য চলাই আছে। কিন্তু সংস্থাটোৱে শেহতীয়াকৈ ৰূপহীমুখ অঞ্চলত পথ নিৰ্মাণৰ নামত বৃহৎ বৃহৎ গাত খন্দাৰ লগতে মাটি সমূহ অঞ্চলটোৰ পৰিয়াল সমূহৰ বাসগৃহৰ সন্মূখত দমাই ৰাখিছে।যাৰ ফলত পৰিয়ালসমূহ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মূখীন হব লগা হৈছে। লগতে খননৰ নামত খোৱা পানীৰ পাইপ সমূহ ভাঙি চিঙি

পেলোৱাত যোৱা তিনিমাহে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হব লগা হৈ আছে।তাৰোপৰি ৰাষ্ট্ৰীয় ঘাই পথত সৃষ্টি হোৱা ধুলি বালিয়ে জীৱন যাত্ৰা প্ৰতিহত কৰি তুলিছে। অন্যহাতে উক্ত অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা কাষত প্ৰায় ডেৰ কিলমিটাৰ দুৰত্বৰ এছোৱা পথৰ নিৰ্মাণ কায্য সম্পূৰ্ণ কৰি যাতায়তৰ বাবে মুকলি কৰি দিছিল। কিন্তু নিশাটোৰ ভিতৰতে নতুনকৈ নিৰ্মাণ কৰা পথছোৱা ভাগি বৃহৎ বৃহৎ গাতৰ সৃষ্টি হৈছিল। উক্ত অংশছোৱাৰে যাতায়ত বন্ধ কৰি দিছিল যদিও শেহতীয়াকৈ তাৰ বিপৰীত দিশত নিৰ্মাণ চলোৱাৰ বাবে পুনৰ উক্ত পথছোৱা যাতায়তৰ বাবে মুকলি কৰি দিছিল। কিন্তু উক্ত পথছোৱাত দৈনিক দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহু

কেইজন গুৰুতৰভাৱে আহত হব লগা হৈছে। অন্যহাতে স্থানীয় ৰাইজে সন্মূখীন হৈ অহা সমস্যা সমূহ সমাধানৰ কাৰণে নিৰ্মাণকাৰী সংন্থাক দাবী জনাই আহিছিল। কিন্তু ৰাইজৰ দাবীক আওকাণ কৰি অহা নিৰ্মাণকাৰী সংস্থা আৰু এন এইচ আই ডি চি এল কতৃপক্ষৰ কায্যই দুগুনে ক্ষোভিত কৰি তোলে। যাৰ বাবে ৰূপহীমুখ অঞ্চলৰ মহিলাসকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হব লগা হয়। অন্যহাতে প্ৰতিবাদকাৰী সকলৰ লগত গৌৰীসাগৰ আঞ্চলিক আছুৱেও সহযোগ কৰে। ৰাষ্ট্ৰীয় ঘাই পথটো অৱৰোধৰ ফলত ব্যাপক যানযটৰ সৃষ্টি হয়।উপ আৰক্ষী অধীক্ষক দিপান্ত ফুকনৰ নেতৃত্বত শিলসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সহিতে জয়সাগৰ আৰু

গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। শেষত শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া সমূজ্জল বৰাৰ উপস্থিতিত নিৰ্মাণকাৰী সংস্থা,এন এইচ আই ডিচি এল কতৃপক্ষৰ লগত প্ৰতিবাদ কাৰীসকল এক আলোচনাত মিলিত হয়। আলোচনাত প্ৰতিবাদকাৰী সকলে এসপ্তাহৰ ভিতৰত সমস্যা সমূহ সমাধানৰ দাবী জনায় এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীৰ হাতত।

Leave A Reply

Your email address will not be published.