ashomiyapatrika.com

কোঁৱৰপুৰত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ সফল সমাপ্তি

0 44

গৌৰীসাগৰঃ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জীৱন, আদৰ্শ, ধৰ্ম, দৰ্শন আৰু সাহিত্য-সংস্কৃতিৰ সৈতে সংপৃক্ত কৰি সমাজত গুৰুজনাই দি যোৱা শান্তি, প্ৰগতি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি যোৱা ২৩ আৰু ২৪ অক্টোবৰত কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ গাওঁ পঞ্চায়তৰ অধীনৰ গটঙা গাঁৱৰ নামঘৰত, দিখৌমুখ আৰু শান্তিপুৰবাসী ৰাইজৰ সহযোগত, গটঙা গাঁৱৰ ৰাইজৰ আতিথ্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তীভাগি সফলভাৱে সমাপ্তি হয়৷ এই উপলক্ষে ২২ অক্টোবৰৰ দিনা পুৱা ন বজাত শিক্ষাবিদ ভদ্ৰেশ্বৰ হাজৰিকা সোঁৱৰণী জিলা ভিত্তিত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতা প্ৰতিযোগিতা খনি উদ্ধোধন কৰে শিৱসাগৰ

বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পংকজজ্যোতি হাজৰিকাই। সঞ্চালনা কৰে সাংবাদিক প্ৰশান্ত দত্তই৷ ২৩ অক্টোবৰ দিনা পুৱা জেষ্ঠ নাগৰিক লিলা বড়া আৰু শিক্ষাবিদ তিলেশ্বৰ দত্তই গছপুলি ৰোপণ কৰাৰ পাছতেই সভাপতি উপেন ভৰালীয়ে পতাকা উত্তোলন কৰে৷ ন বজাত ভাগৱত শোভাযাত্ৰা উদ্ধোধন কৰে ভাগৱত ব্যাখ্যাকাৰ অৰূপ শইকীয়াই৷ দিনৰ এঘাৰ বজাত অনাতাঁৰ শিল্পী টংকেশ্বৰ দত্তৰ সোঁৱৰণত সদৌ অসম ভিত্তিত বৰগীত, সত্ৰীয়া নৃত্য আৰু খোলবাদন প্ৰতিযোগিতাখনি উদ্ধোধন কৰে টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ৰবীন শইকীয়াই। সঞ্চালনা কৰে শান্তিপুৰ উচ্চ মাধ্যমিক

বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কৃষ্ণ দত্তই। ২৪ অক্টোবৰ দিনা দিনৰ এঘাৰ বজাত আঞ্চলিক বৈষ্ণৱ সমাজৰ সভাপতি উপেন ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভাখনি উদ্ধোধন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰফুল্ল কলিতাই । নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি জগত বনিয়া৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেন্দ্ৰ নাথ হাজৰিকা। সন্ধ্যা সাত বজাত যুগল চন্দ্ৰ বড়াৰ সোঁৱৰণত শিশু সকলৰ দ্বাৰা ‘সিন্ধুমুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ’ ভাওনা ভাগি উদ্ধোধন কৰে শিক্ষাবিদ অনন্ত দত্তই৷ জন্মোৎসৱ উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল এনে

ধৰণৰ ‘বৰগীত’ নিম্ন শাখাত ক্ৰমে প্ৰয়াংশু বৰা, অংকুৰ নাথ, বৃষ্টি প্ৰিয়া গগৈ৷ উচ্চ শাখাত ক্ৰমে সুৰজিত পাটৰ, গুণগুণ দত্ত, পাৰিজাত কলিতা৷ সএীয়া নৃত্য প্ৰতিযোগিতাৰ নিম্ন শাখাত ক্ৰমে অংকিত শইকীয়া, দীপশিখা নাথ, কৌস্তুভ শইকীয়া৷ উচচ শাখাত ভাৰ্গৱ শইকীয়া, অনামিকা নাথ, পৰাণজ্যোতি দত্ত৷ খোল বাদন প্ৰতিযোগিতাত ক্ৰমে মৃগাংক দত্ত, আকাশ দত্ত, ভাৰ্গব শইকীয়াই স্থান দখল কৰিবলৈ সক্ষম হয়৷

Leave A Reply

Your email address will not be published.