ashomiyapatrika.com

ৰাজ্যৰ শিক্ষা বিভাগত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ প্ৰকৃতাৰ্থত সঠিক প্ৰয়োগ হবনে?

0 35

গৌৰীসাগৰঃ শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে শিক্ষা বিভাগৰ উন্নয়ণৰ হকে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ চৰকাৰী পুৰণি বিদ্যালয়সমূহৰ ভৱনৰ নবীকৰণ উদ্দেশ্যে প্ৰতিখন বিদ্যালয়ৰ বাবে সাত কোটিকৈ আৰ্থিক অনুদান দিয়াৰ ব্যৱস্হা কৰা হব বুলি উল্লেখ কৰিছে। অৱশ্যে এইখিনিতে উল্লেখ কৰিব পাৰি পুৰণি বিদ্যালয় বুলি কওঁতে কোনবোৰ বিদ্যালয় ইয়াৰ অন্তভুৰ্ক্ত কৰা হব তাক নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই। ৰাজ্যখনত এনে একাংশ চৰকাৰী পুৰণি বিদ্যালয় আছে যাৰ শৈক্ষিক-সামাজিক দিশত পূৰ্বৰ ধাৰা এতিয়াও অব্যাহত আছে আৰু তাৰ বিপৰীতে এনে একাংশ চৰকাৰী বিদ্যালয় আছে যাৰ মেট্ৰিকৰ ফলাফলৰ

পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক স্তৰলৈকে ফলাফল পুতৌজনক আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য হৈ পৰিছে। কেৱল ঘৰ-দুৱাৰ উন্নীত কৰিলেই যে এনেবোৰ বিদ্যালয়ে পূৰ্বৰ ধাৰাবাহিকতা ঘূৰাই আনিবলৈ সক্ষম হব সেই কথা চিন্তনীয়। আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰিশ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হব।এই চাৰিশ বিদ্যালয়ৰ এশখন আকৌ চাহ বাগিচা অধ্যুষিত অঞ্চলত স্হাপন কৰা হব বুলি উল্লেখ কৰা হৈছে। বাকী তিনিশ বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হব। এতিয়া কথা হ’ল বৰ্তমানে থকা বিদ্যালয়সমূহৰ পৰা নিৰ্বাচিত কৰি উক্ত বিদ্যালয় সমূহত নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হব নে নতুন তিনিশ

বিদ্যালয় চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠা হব? যদি বাগিচা অধ্যুষিত অঞ্চলত স্হাপন কৰিব বিচৰা বিদ্যালয়ক বাদ দি পুণৰ তিনিশখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় তেন্তে বৰ্তমানে থকাবোৰৰ অৱস্থা কোন দিশে গতি কৰিব?যিসময়ত ৰাজ্যখনৰ বহু জিলাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য হোৱা বাবে প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে একত্রিকৰণ কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে তেনে ক্ষেত্ৰত পুণৰ যদি তিনিশখন নতুন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় মাধ্যমিক পৰ্যায়ৰ শিক্ষা বিভাগত কি হব সি সহজেই অনুমেয়।প্ৰকৃততে নতুন শিক্ষা নীতি চৰকাৰে যদি সদ্দিছামূলকভাৱে চৰকাৰ তথা শিক্ষা বিভাগে প্ৰয়োগ কৰিব বিচাৰিছে তেন্তে এক নিৰ্দিষ্ট দূৰত্বৰ মূৰে

মূৰে এখন বিদ্যালয়ত থাকিব লগা সকলো সা-সুবিধাৰে উপযুক্ত ভাবে গঢ় দি প্ৰকৃতাৰ্থত শিক্ষা উন্নয়ণৰ কথা চিন্তা কৰক।এতিয়া ৰাজ্যখনত দুকঠা-তিনিকঠা মাটিতে এনে একাংশ চৰকাৰী বিদ্যালয় আছে য’ত এখন খেল পথাৰ নাই, য’ত পূৰ্ণাংগ পৰ্যায়ত এখন বিদ্যালয়ৰ শ্ৰেণীকোঠা কেইটা নিৰ্মাণ কৰিবলৈ অসুবিধা। সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি উপৰোক্ত বৃহৎ অনুদান ভবিষ্যতৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি দিয়া নাযায় তেন্তে অথলে যোৱাৰ সম্ভাৱনাই বেছি।এইকথা অনস্বীকাৰ্য্য তথা অপ্ৰিয় সত্য যে ৰাজ্যখনৰ একাংশ চৰকাৰী উচ্চ-উচ্চতৰ বিদ্যালয় এনে অৱস্থাত,চলি আছে য’ত নেকি এশজন ছাত্ৰ-ছাত্ৰীতো নায়েই তাৰ বিপৰীতে মোটা দৰমহা লাভেৰে

শিক্ষক-কৰ্মচাৰী চলি আছে। এনেবোৰ বিদ্যালয়ত অনাগত বহু বছৰলৈ ছাত্ৰ-ছাত্ৰীও নহয় কাৰণ পৰিয়ালবোৰৰ সংখ্যাই সীমিত হৈ পৰিছে। গতিকে চৰকাৰে শেহতীয়াকৈ প্ৰয়োগ কৰা শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সংখ্যা,ভবিষ্যতে আৱশ্যক হব পৰা মাটি তথা দূৰত্ব চাই উক্ত অনুদান দিয়াৰ ব্যৱস্হা নকৰে তেন্তে অনুদান অথলে যোৱাৰ সম্ভাৱনাই বেছি। আনহাতে যদি নতুন বিদ্যালয় খোলাৰ আধাৰশিলাৰে চৰকাৰে বা:বা: লব বিচাৰিছে তেন্তে এইকথা নিশ্চিত যে চৰকাৰে চৰকাৰী বিদ্যালয়বোৰৰ কফিনৰ শেষ গজালটো মাৰিব বিচাৰিছে।

Leave A Reply

Your email address will not be published.