ashomiyapatrika.com

সঞ্চালকালয়ৰ লিখিত প্ৰতিশ্ৰুতিত আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিলে অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই

0 37

গুৱাহাটীঃ অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই যোৱা ৩ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন চলাই থকাৰ মাজতে অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যান বিভাগৰ সঞ্চালকৰ কাৰ্যলয়ৰ হস্তক্ষেপত আজি অৰ্থাৎ বৃহস্পতিবাৰে অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ নেতৃত্বৰ সৈতে সঞ্চালকৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত বিভাগৰ সঞ্চালক বিভাশ মোডী, উপ-সঞ্চালক গৌতম মজুমদাৰ, উপ-সঞ্চালক বিঞ্জুমণি দাস, উপ-সঞ্চালক চমচেৰা হাজৰিকা, কাৰ্যক্ৰম বিষয়া প্ৰমোদ কাকতি ৰাজ্যিক সংগঠনটোৰ সভানেত্ৰী জয়মতি দাস, ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰ, ৰাজ্যিক উপ-সভাপতি বীনা

বৈশ্য, ৰাজ্যিক উপ-সভাপতি ভাগ্যলতা ডেকা, অঞ্জলি চৌধুৰী, জানকি দেবী, দেৱবালা শইকীয়া উপস্থিত আছিল। তাৰোপৰি শতাধিক কৰ্মী-সহায়িকাই সঞ্চালকালয়ৰ বাহিৰত আলোচনাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছিল। সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতি দাস আৰু সম্পাদিকা ইন্দিৰা নেৱাৰে জনোৱা মতে সন্থাৰ দাবী চনদ সঞ্চালক মহোদয়ে গুৰুত্বসহকাৰে আলোচনা কৰে আৰু দাবীসমূহৰ আধাৰত সুনিৰ্দিষ্ট প্ৰস্তাৱ ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। সঞ্চালকে জনোৱা মতে অৱসৰী কৰ্মী-সহায়িকাৰ এক কালীন সাহাৰ্য মন্ত্ৰী অজন্তা নেওগে অতিশীঘ্ৰে বিতৰণ কৰিব। কৰ্মীৰ খালীপদত কৰ্মৰত

সহায়িকাক নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধসীমা ৫৫ বছৰ কৰা হ’ব। ৩৯৬৬ টা মিনি অঙ্গনৱাড়ী কেন্দ্ৰ পূৰ্ণাঙ্গ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশ আহিছে, তদনুসৰি আমাৰ ৰাজ্যতো পদক্ষেপ হাতত লোৱা হৈছে। অৱশ্যে মাননি বৃদ্ধি সংক্ৰান্তত দিয়া বিভাগীয় প্ৰস্তাবৰ প্ৰবল অপত্তি জনায় ৰাজ্যিক সন্থাৰ নেতৃবৃন্দই। বিভাগীয়ভাৱে কৰ্মীলৈ ৩৫০০ টকা, সহায়িকালৈ ১৭৫০ টকা আৰু মিনি কৰ্মীলৈ ২২০০ টকা বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে। ৰাজ্যিক সন্থাই মাননি বৃদ্ধিৰ প্ৰস্তাৱ পুনৰ বিবেচনা কৰাৰ বাবে দাবী জনোৱাৰ পিছত সন্থাৰ স্মাৰক পত্ৰত উল্লেখ থকাৰ দাবীৰ ভিত্তিত বিভাগীয়ভাৱে নতুন প্ৰস্তাৱ চৰকাৰৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিবলৈ সঞ্চালকে সন্মতি প্ৰকাশ কৰে।

সঞ্চালক পৰ্যায়ত পোৱা ইতিবাচক সহাঁৰিলৈ সন্মান জনাই সন্থাৰ দ্বাৰা চলাই থকা অসহযোগ কাৰ্যসুচী ১০ নৱেম্বৰলৈ সাময়িকভাৱে স্থগিত ৰখা হৈছে। ১০ নৱেম্বৰৰ ভিতৰত চৰকাৰৰ পৰা উপযুক্ত সহাঁৰি নাপালে ১৪ নৱেম্বৰৰ পৰা পুনৰ আন্দোলন আৰম্ভ কৰা হ’ব। অসমৰ সকলো কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীলৈ অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ বিনম্ৰ নিবেদন ১০ নৱেম্বৰলৈ ধৈৰ্য সহকাৰে অপেক্ষা কৰে যেন। উল্লেখযোগ্য যে চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী-সহায়িকাৰ মাননি ১০ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক চৰকাৰী জাননী মতে এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া,

গ্ৰেছুয়েটি আদায় দিয়া আৰু অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মিনি কেন্দ্ৰসমূহ পূৰ্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা আৰু কৰ্মীৰ খালীপদত সহায়িকাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধসীমা প্ৰত্যাহাৰ কৰা আদিৰ দাবীত ৩ অক্টোবৰৰ পৰা অসহযোগ কাৰ্যসূচী চলাই আছিল।

Leave A Reply

Your email address will not be published.