ashomiyapatrika.com

শাৰদীয় উৎসৱৰ উলাহৰ মাজতে অসম গ্রন্থমেলা, বাংগালোৰ আৰম্ভ

0 59

বেংগালুৰুঃ শাৰদীয় দুর্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে আজি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত তথা অসম এছচিয়েশান বেংগালুৰুৰ সহযোগত আয়োজিত অসম গ্রন্থমেলা বাংগালোৰৰ শুভ উদ্বোধন কৰা হয়। দূৰদৰ্শনৰ প্ৰাক্তন উপ-সঞ্চালক প্রধান, কবি, অনুবাদক, সমালোচক, তামিল ভাষাৰ বিশিষ্ট লেখক ড° আৰ অনন্ত পদ্মনাভ ৰাৱে মুখ্য অতিথি আৰু ইংৰাজী ভাষাৰ বিশিষ্ট শিশু সাহিত্যিক ৰমেন্দ্র কুমাৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি আজি সন্ধিয়া অসম গ্ৰন্থমেলা বাংগালোৰ উদ্বোধন কৰে। আজি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি ড° পদ্মনাভে গ্রন্থমেলাখন উদ্বোধন কৰি কয় যে

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত তথা অসম এছ’চিয়েশ্যন বাংগালোৰৰ সহযোগত অনুষ্ঠিত এই গ্রন্থমেলাই সমাজ জীৱনলৈ এক নতুন বার্তা কঢ়িয়াই আনিছে। এই গ্রন্থমেলাই কর্ণাটক আৰু অসমৰ মাজত এক সু-সম্পর্ক সৃষ্টি কৰাই নহয়, গ্ৰন্থৰ চিৰন্তন প্রভাৱকো বিস্তাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঠিক একেদৰে গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানৰ সন্মানীয় অতিথি, বিশিষ্ট শিশু সাহিত্যিক ৰমেন্দ্র কুমাৰেও অসমৰ পৰা প্ৰকাশক আহি বাংগালুৰুত গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো অতিশয় আদৰণিয় আৰু এই গ্ৰন্থমেলাৰ প্ৰভাৱ এক কথাত সুদূৰ প্ৰসাৰী হ’ব বুলি মত ব্যক্ত কৰে। বেংগালুৰুত থকা পাঁচশ

অসমৰ গ্ৰন্থ অনুৰাগী লোকৰ পূৰ্ণ সহযোগিতাত আজিৰ পৰা ২৪ অক্টোবৰলৈকে আয়োজিত এই গ্রন্থমেলাৰ শুভ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসম এছ’চিয়েশ্যন বাংগালোৰৰ উপদেষ্টা তথা বেংগালুৰু নিবাসী দ্বিজেন বৰকটকীয়ে আৰু আদৰণী ভাষণ আগবঢ়ায় দীপাংকৰ ভট্টাচার্যই। উল্লেখ্য, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা বছৰ ধেমাজি, যোৰহাট, নলবাৰী, গুৱাহাটী, ডিফু আৰু বঙাইগাঁৱত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছিল। এই বছৰৰ প্রথমখন অসম গ্রন্থমেলা হাফলঙত সুকলমে অনুষ্ঠিত হৈ যায়। হাফলঙৰ পাছতে এই বছৰৰ দ্বিতীয়খন অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে

বেংগালুৰ মহানগৰীত। আজি সন্ধিয়া বাংগালুৰৰ শ্ৰীসূর্য নাৰায়ণ স্বামী কল্যাণ মণ্ডপ ৭৪/১, কৃষ্ণ ৰেড্ডী কলনী, ডমলুৰত গ্ৰন্থমেলা উদ্বোধন হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আজি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে মুকেশ শর্মাই আৰু গ্ৰন্থমেলাৰ আয়োজনৰ অনুভৱ ব্যক্ত কৰে উদ্যোক্তা সুশান্তজ্যোতি শৰ্মাই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামী। এই গ্রন্থমেলাত অসমৰ পৰা অসম প্ৰকাশন পৰিষদ, অসম বুক হাইভ, আংগিক প্রকাশন, আসাম পাব্লিছিং কোম্পানী, চন্দ্র প্রকাশ, জ্যোতি প্রকাশন, বনলতা, বাণী প্রকাশ-প্রকাশিকা, ৰেখা

প্রকাশন, এম আর পাব্লিকেশ্যন, স্টুডেন্ট স্টোর্চ, ইউনিক বুকছকে ধৰি কেবাটাও বিশিষ্টপ্রকাশন গোষ্ঠীয়ে অংশগ্রহণ কৰিছে। এই গ্রন্থমেলা সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে বেংগালুৰুল নিবাসী অসমৰ সকলো লোককে আন্তৰিক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.