শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈয়ে বিতৰণ কৰিলে মাইক্ৰ’ফাইনেন্সৰ ঋণী সকললৈ বকেয়া শূণ্য প্ৰমাণপত্ৰ
গৌৰীসাগৰঃ অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ ৰ অধীনত আজি সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ অনাদায় হৈ থকা মহিলা সকলক বকেয়া শূণ্য প্ৰমাণপত্ৰ (No dues Certificate) বিতৰণ কৰে৷ এই উপলক্ষে শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত অনুষ্ঠিত বকেয়া শূণ্য প্ৰ্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয় যে, যি সকল মহিলাই সূদসহ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰিলে তেখেতসকল এই আঁচনিৰ জৰিয়তে ঋণৰ বোজাৰ পৰা মুক্ত হ’ব আৰু ভৱিষ্যতে তেখেত সকলে আপদ-বিপদৰ সময়ত ঋণ লোৱাৰ বাট মুক্ত হৈ
থাকিব। ভাষণ প্ৰসঙ্গত তেখেতে কয় যে চৰকাৰে মহিলাসকলৰ আৰ্থিক উন্নয়নৰ বাবে আৰু স্বাধীনভাৱে ক্ষুদ্ৰ ব্যৱসায় কৰিবৰ কাৰণে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত প্ৰতিটো গোটৰ প্ৰতিগৰাকী মহিলাক ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যি সকল মহিলাই এই ১০ হাজাৰ টকাৰে ব্যৱসায়ত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব সেইসকল মহিলাক দুবছৰৰ পিছত পুণৰ ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব৷ আজি আনুষ্ঠানিকভাৱে ৫ গৰাকী মহিলাক বকেয়া শূণ্য প্ৰ্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ আজিৰ এই সভাত জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওগ, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, মুখ্য
কাৰ্যবাহী বিষয়া অশ্চিনি কুমাৰ দ’লে, অতিৰিক্ত জিলা আয়ুক্ত গীতালি দুৱৰা, শিৱসাগৰ পৌৰ সভাৰ সভানেত্ৰী মৃণালিনী কোঁৱৰ হাজাৰোধিক মহিলা হিতাধিকাৰী উপস্থিত থাকে৷