পশুধনৰ চিকিৎসা শিৱিৰ সম্পন্ন
গৌৰীসাগৰঃ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহটৰ অধীনষ্ঠ ৰহদৈস্হিত শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযান, শিৱসাগৰৰ সহযোগত আজি শিৱসাগৰ জিলাৰ বান অধ্যুষিত দিচাংমুখ অঞ্চলত বানাক্ৰান্ত ৰাইজৰ পশুধনৰ বাবে এটা বিনামুলীয়া পশুধনৰ চিকিৎসা শিৱিৰ অনুস্হিত কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত উপস্থিত কৃষকৰ মাজত তেওঁলোকৰ পশুধন তথা হাহঁ-কুকুৰাৰ বাবে বিনামুলীয়াকৈ পেলুৰ দৰব, লিভাৰৰ দৰব, ভিটামিন, মিনাৰেল আদিৰ লগতে প্ৰয়োজনীয় চিকিৎসা আগবঢ়োৱা হয় ৷ উক্ত চিকিৎসা শিবিৰত শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পশুপালন বিভাগৰ বিশেষজ্ঞ ডাঃ
অনুপানন্দ গোস্বামী আৰু অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযানৰ শিৱসাগৰ জিলা প্ৰৱন্ধক ডাঃ সুৰজজ্যোতি গগৈ উপস্থিত থাকি চিকিৎসা আগবঢ়াই ৷ প্ৰায় ৫০ জনৰো অধিক কৃষক উপস্থিত থকা উক্ত চিকিৎসা শিৱিৰত ৩০০ ৰো অধিক পশুধনৰ কাৰনে চিকিৎসা সেৱা আগবঢ়োৱা হয়৷ অনুষ্ঠানত শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সহযোগী প্ৰিয়ব্ৰত বৰদলৈ, অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযানৰ শিৱসাগৰৰ খণ্ড সমন্বয়ক পোষন পৱন বৰা, জীৱিকা সখী দানৱতী টায়ে, বেংক মিত্ৰ জ্যোতিমণি পাংগিং উপস্থিত থাকে৷