ashomiyapatrika.com

শিৱসাগৰত মন্ত্ৰী বিমল বৰাই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে ছাইকেল

0 34

গৌৰীসাগৰঃ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী, প্ৰাদেশীকৃত আৰু আদৰ্শ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক আজি মন্ত্ৰী বিমল বৰাই শিৱসাগৰত বিনামূলীয়া ছাইকেল বিতৰণ কৰে৷ এই উপলক্ষে শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত জিলা প্ৰশাসনৰ সহযোগত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত ছাইকেল বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বৰাই ছাত্ৰ-ছাত্ৰী সকলক ছাত্ৰাৱস্থাতেই জীৱন গঢ়াৰ আধাৰ গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে৷ তেখেতে ছাত্ৰ-ছাত্ৰী সকলক সূৰ্যৰ দৰে উজ্জ্বল হ’বলৈ সূৰ্যৰ দৰে প্ৰজ্বলন থাকিব লাগিব বুলি উল্লেখ কৰে৷ ছাত্ৰী-সকলক

নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ মনৰ বান্ধোন আৰু দৃঢ়তা লাগিব বুলিও তেখেতে উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে ছাত্ৰ-ছাত্ৰী সকলক ছাত্ৰাৱস্থাতেই জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ উল্লেখ্য যে শিৱসাগৰ জিলাত নৱম শ্ৰেণীৰ ৪০৪৭ গৰাকী ছাত্ৰ আৰু ৩৬৯৯ গৰাকী ছাত্ৰীয়ে ছাইকেল লাভ কৰিছে আৰু দহ গৰাকী ছাত্ৰ-ছাত্ৰীক মন্ত্ৰী গৰাকীয়ে আজি আনুষ্ঠানিকভাৱে ছাইকেল প্ৰদান কৰে৷ সভাত ছাত্ৰ-ছাত্ৰী সকলৰ উপৰিও জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওগ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনি কুমাৰ দ’লে, অতিৰিক্ত জিলা আয়ুক্ত গীতালি

দুৱৰা, বিদ্যালয় সমূহৰ পৰিদৰ্শক দিব্যজ্যোতি গগৈ, শিৱসাগৰ পৌৰ সভাৰ সভানেত্ৰী মৃণালিনী কোঁৱৰ, সমাজ কৰ্মী ময়ুৰ বৰগোঁহাই, ঘন গগৈ, আৰু জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.