গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চাৰি ‘জন আৰোগ্য সমিতি’ গঠন
গৌৰীসাগৰঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি অনুস্থিত এক ৰাজহুৱা সভাত সংশ্লিষ্ট স্বাস্থ্যকেন্দ্ৰৰ লগতে ইয়াৰ অধীনস্থ তিনিখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ক্ৰমে দিখৌমুখ, চাৰিং আৰু বলিয়াঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ‘জন আৰোগ্য সমিতি’ গঠন কৰা হয়৷ মহকুমা স্বাস্থ্য বিষয়া ডা° তাজিম আহমেদৰ সভাপতিত্বত অনুস্থিত সভাখনত শিৱসাগৰ জিলা পৰিষদৰ উপ সভানেত্ৰী ৰেখা কলিতা, জ্যেষ্ঠ নাগৰিক সুৰেশ চন্দ্ৰ বৰা, অকন খনিকৰ, চাৰিং, দিখৌমুখ, কাৱৈমাৰী, মোমাই তামুলী, হাতীঘুলী পঞ্চায়তৰ সভাপতি সকল, গৌৰীসাগৰ আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী হেমদা নেওগকে ধৰি
বহুগণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ এই সভাতে চৰকাৰী নিৰ্দেশনা অনুসৰি কেউখন স্বাস্থ্যকেন্দ্ৰৰে সভাপতি হিচাপে জকাইচুক জিলা পৰিষদৰ সদস্যা তথা শিৱসাগৰ জিলা পৰিষদৰ উপ সভানেত্ৰী ৰেখা কলিতা, কেউখন চিকিৎসালয়ৰে চিকিৎসা বিষয়া গৰাকীক প্ৰতিখনৰে মেম্বাৰ চেক্ৰেটাৰী, স্থানীয় আৰক্ষী থানাৰ বিষয়া গৰাকী, গাও পঞ্চায়তৰ সভাপতি সকল, সংহত শিশু উন্নয়ন প্ৰকল্পৰ চুপাৰ ভাইজাৰ গৰাকী, স্থানীয় একোজন সংবাদ কৰ্মী, একোজন যুৱ প্ৰতিনিধি, দুজনকৈ সমাজকৰ্মী, জনস্বাস্থ্য কাৰীকৰি বিভাগ আৰু লোকনিৰ্মান বিভাগৰ অভিযন্তা এগৰাকীক লৈ পৃথকে পৃথকে কেউখন সমিতি
গঠন কৰা হয়৷ স্মৰ্তব্য যে বিগত সময়ত থকা পৰিচালনা সমিতি সমুহৰ ঠাইত বৰ্তমানৰ এই জন আৰোগ্য সমিতিয়ে কাৰ্যনিৰ্বাহ কৰিব৷ সভাত স্বাস্থ্যকেন্দ্ৰ সমুহৰ পূৰ্বৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত থাকে৷