ashomiyapatrika.com

শিৱসাগৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ অনুষ্ঠান

0 41

মন্ত্ৰী বিমল বৰাই শুভাৰম্ভ কৰিলে ‘অৰুণোদয় ২.০’: ১০ সহস্ৰাধিক হিতাধিকাৰীৰ সমাবেশ

গৌৰীসাগৰঃ মহিলাসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ অধীনত আৰ্থিক সাহাৰ্য বিতৰণৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত অৰুণোদয় হিতাধিকাৰী সকলৰ মাজত এক আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷ দহ সহস্ৰাধিক হিতাধিকাৰীৰ সমাবেশেৰে আজিৰ এই অনুদান বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী বিমল বৰাই কয় যে – মহিলা সকলক শ্ৰদ্ধা, সন্মান প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক সকাহ দিয়াৰ আমাৰ প্ৰয়াস আছিল। মাননীয় মুখ্য মন্ত্ৰী ডাঙৰীয়াৰ চিন্তা আৰু সেই চিন্তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আজি আমি শিৱসাগৰত

সমবেত হৈছো৷ এই দ্বিতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ অধীনত জিলাখনৰ ১৮৪৩২ গৰাকী হিতাধিকাৰী উপকৃত হ’ব আৰু ইয়াকে ধৰি জিলাখনত মুঠ হিতাধিকাৰী হ’ব ৭৫০০০ গৰাকী৷ এই আঁচনিৰ জৰিয়তে ১,২৫০ টকাকৈ প্ৰতি মাহৰ ১০ তাৰিখে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংকৰ একাউন্টত জমা হ’ব৷ আজিৰ এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে৷ সভাত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহাই, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনি কুমাৰ দ’লে, জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওগ, অতিৰিক্ত জিলা আয়ুক্ত গীতালি দুৱৰাৰ লগতে গাওঁ পঞ্চায়ত সমূহৰ সভাপতি- সম্পাদক সকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.