গৌৰীসাগৰ অঞ্চলৰ খনাখোকোৰাৰ সমস্যাসমূহ সমাধান হ’বনে?
গৌৰীসাগৰঃ গৌৰীসাগৰ সমীপৰ দুলীয়া, ধনেখোৱা, খৰা’ধৰা, ৰঘুবাৰীৰ একাংশ, ন-দুলীয়া, ন-দিছিয়াল গ্ৰামাঞ্চলৰ সামৰি খনাখোকোৰা অঞ্চলৰ সৃষ্টি হৈছে। অঞ্চলটোৰ এক সুকীয়া বৈশিষ্ট্য হল বৰপেটা সত্ৰৰ প্ৰথমজনা অধিকাৰ মথুৰা দাস বুঢ়া আতাৰ পাঁচ পুৰুষৰ আগৰ চিৰাই বৰুৱাৰ ঘৰ এই অঞ্চলতে আছিল আৰু সেই সূত্ৰে বুঢ়া আতাও এই অঞ্চলৰ পৰা গৈ বৰপেটা সত্ৰৰ প্ৰথমজনা অধিকাৰ হৈছিল। অন্যহাতে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেখেতৰ ৰাজত্ব কালত খনাখোকোৰা পুখুৰী খন্দাই ইয়াৰ পাৰত খোকোৰাখোন নামৰ ব্ৰাহ্মণ পণ্ডিতজনক ৰামখাপীঠ দেৱালয়ত পূজাৰী হিচাপে থাপিছিল। কালক্রমত এই পুখুৰী পাৰতে ১৯২৭ চনত
খনাখোকোৰা মধ্য অসমীয়া বালক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল য’ত জকাইচুক, দিখৌমুখ, খনামুখ, শিমলুগুৰি, শগুনপৰা, মকালনি, বনৰীয়া চাপৰি, কোঁৱৰপূৰ পশ্চিম অংশৰ পৰা ছাত্ৰ-ছাত্ৰী নানা কষ্ট কৰি আহি শিক্ষা গ্ৰহণ কৰিছিল। ১৯৩৫ চনত বৃহত্তৰ অঞ্চলটোৰ নাৰী শিক্ষাৰ বাবে পুখুৰীটোৰ পাৰতে গঢ়ি উঠিছিল খনাখোকোৰা মধ্য অসমীয়া বালিকা বিদ্যালয়। ১৯৫০ চনত পুণৰ প্ৰতিষ্ঠা হৈছিল খনাখোকোৰা মধ্য ইংৰাজী বিদ্যালয় আৰু এই মধ্য ইংৰাজী বিদ্যালয়খনৰ গাতে ১৯৬১ চনত গঢ় লৈ উঠিছিল খনাখোকোৰা জনতা উচ্চ মাধ্যমিক বিদ্যালয়।কালক্রমত এই চাৰিওখন বিদ্যালয় একত্রিকৰণ হৈ বৰ্তমান খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে
থিয় দি আছে। বৰ্তমান বিদ্যালয়খনৰ মাটিকালি সোতৰ বিঘাতকৈ অধিক। নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰানালয়ৰ স্বনামধন্য শিক্ষা মন্ত্ৰী প্ৰয়াত মুহিৰাম শইকীয়াই এই বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। কিন্তু ১৯২৭ চনতে এই অঞ্চলটোৰ পুখুৰীটোৰ পাৰত মধ্য অসমীয়া বিদ্যালয় প্ৰতিষ্ঠা হৈ শিক্ষাৰ পোহৰেৰে জিলিকি উঠিছিল যদিও এক স্বকীয় মৰ্য্যদা থকা খনাখোকোৰা যেনেদৰে পৰিবৰ্তিত হব লাগিছিল তেনেদৰে পৰিবৰ্তন নহল।উদাহৰণস্বৰূপে খনাখোকোৰা পুখুৰীটোৰ চাৰিওটা পাৰ বৰ্তমানলৈকে মুক্ত নহ’ল। পুখুৰীটোৰ পাৰৰ পৰা নাতিদূৰতে কাৱৈমাৰী গাঁও পঞ্চায়ত যদিও খনাখোকোৰা
উচ্চ মাধ্যমিক বিদ্যালয়লৈ সোমাই অহা পুখুৰীটোৰ দুটা পাৰৰ এটা পাৰো বিগত তেষষ্ঠি বছৰে ছাত্ৰ-ছাত্ৰীসকল আহিব পৰাকৈ সূচল নহল।এটা পাৰো পকীকৰণ অথবা প্ৰেভাৰ্চ ব্লক দি উন্নীত কৰা নহল।বিদ্যালয়ৰ খেল পথাৰখনতে সীমিত সা-সুবিধাৰে খেলি অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ক্রীড়াৰ দিশত বিভিন্ন পাৰদৰ্শিতাৰে নিজৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে আৰু নিজাকৈ প্ৰতিষ্ঠা হৈছে।বৰ্তমানৰ পৰিপ্ৰেক্ষিতত লেতেৰা মানসিকতা তথা ৰাজনৈতিক চাতুৰ্যতাৰে একাংশই অঞ্চলটোৰ সুনাম, কৃতিত্ব সমূহক নিজাববীয়া কৰিব বিচাৰিলেও খনাখোকোৰাই নিজৰ পৰিচয় অক্ষুন্ন ৰাখিছে। দিছিয়ালৰ ৰাস আলি পথ, ধনেখোৱা পথ,
চিৰিপুৰীয়া পথ তিনিটাৰে গাঁও সমূহলৈ সোমাই যোৱা প্ৰতিটো পথৰ প্ৰায় এক কিলোমিটাৰমানৰ অৱস্থা বৰ্ণনাতীত।গড়কাপ্তানি বিভাগৰ সামান্য মেৰামতি কৰিবলৈ আহৰি নাই, পূৰ্বতে পথকেইটা নিৰ্মাণ কৰোঁতে বিভাগে ভিতৰুৱা বুজাবুজি নকৰাহলে আৰু কিছুবছৰ ভালদৰে যোৱাৰ থল আছিল। জিলাখনৰ ভিতৰতে এক সুনাম থকা খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়খনৰ বৰ্তমান আন্তঃগাঁথনিৰ অৱস্থা নাই। ছাত্ৰ-ছাত্ৰীৰ প্ৰস্বাৱগাৰৰ অভাৱ, শিক্ষক-শিক্ষয়িত্রীৰ জিৰণি কোঠাৰ অভাৱ, পুথিভঁৰালৰ অভাৱ, ছাত্ৰী জিৰণি কোঠাৰ অভাৱ, মামৰেধৰা টিংপাতৰ ঘৰ আৰু বহুতো। ন-দিছিয়ালত থকা ৰাস আলি মূৰৰ বিদ্যুত বিভাগৰ
টেন্সফৰমাৰটোৰ বেৰা নাই। নিচেই চাপৰতে থকা বিৰতিবিহীন টেন্সফৰমাৰটোত কোনদিনা পশুধন অথবা মানুহ লাগি মৃত্যু মুখত পৰে কোনেও নাজানে। খনাখোকোৰা পুখুৰীটোৰ চাৰিওটা পাৰ মুক্ত কৰাৰ দাবী বহুদিনীয়া। কিন্তু ১৯৬১ চনৰ পৰা সমষ্টিটোৰ বিধায়ক, বৰ্তমানৰ সাংসদ, জিলা উপায়ুক্ত, মহকুমা পৰিষদ, খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্য্যালয়,কাৱৈমাৰী গাঁও পঞ্চায়ত, জিলা পৰিষদ কাৰো পাৰকেইটা মুক্ত কৰিবলৈ সময় হোৱা নাই। প্ৰকৃততে ৰজা দিনীয়া পুখুৰীবোৰৰ পাৰ মুক্ত হৈ থকা আৱশ্যক। পাৰকেইটা মুক্ত হোৱা হ’লে অঞ্চলটোৰ নহয় বহুতৰ বাবে পুৱা-গধুলি খোজ কঢ়াৰ সূচল হলহেঁতেন।