ashomiyapatrika.com

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যবেক্ষক

0 30

গৌৰীসাগৰঃ ৬শ বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদাম স্থলী বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে ‘ইউনেস্ক’ৰ বিশেষ শাখা ICOMOS ৰ বিশেষজ্ঞ লিম চেন চিয়ান চৰাইদেউ মৈদামস্থলী পৰ্যবেক্ষণৰ বাবে আজি বিয়লি চৰাইদেউ মৈদামস্থলীত উপস্থিত হয় ৷ চিয়ানৰ উপস্থিতিত চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনে আদৰণি জনোৱাৰ লগতে উৎফুল্লিত স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে আদৰণি জনায় ৷ ইয়াৰ পিছতেই তেখেতে চৰাইদেউ মৈদামস্থলীত স্থাপন কৰা ৰেনচেঙত মলুংসকলে অনুষ্ঠিত কৰা ফুৰালুং পূজাত অংশ গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে তেওঁ মৈদামস্থলত এক বৃক্ষৰোপণৰ

কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মৈদামক্ষেত্ৰ পদব্ৰজে ভ্ৰমণ কৰাৰ সময়ত বিশেষজ্ঞগৰাকীক সংগ দিয়ে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, চৰাইদেউ আৰু শিৱসাগৰৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু আদিত্য বিক্ৰম য়াদৱ, কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ বিষয়াসকল তথা দুয়োখন জিলাৰে বিশেষ দায়িত্বত থকা প্ৰশাসনিক বিষয়াসকলে। এইসকলৰ ওপৰি ইউনেস্কোৰ বিশেষজ্ঞগৰাকীৰ সৈতে ৰাজ্যিক অতিথি হিচাপে চৰাইদেউ মৈদামক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে অসমলৈ অহা দলটোত ৱৰ্ল্ড হেৰিটেজৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জাহ্ণৱীজ শৰ্মা, সঞ্চালক মদন সিং চৌহান, উপ-অধীক্ষক

পুৰাতত্ত্ববিদ ড° গজানন এল কাটাদে, সহকাৰী অধীক্ষক পুৰাতত্ত্ববিদ ড° কাঞ্চনলতা ৰায়, সহকাৰী পুৰাতত্ত্ববিদ ডঃ নেহা পাণ্ডে তথা কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিশেষজ্ঞ ড° কে চি নৌৰিয়াল, মৈদামস্হানত উপস্থিত থাকে। মৈদামক্ষেত্ৰ পৰিভ্ৰমণৰ পিছত পৰ্যবেক্ষকগৰাকী বিশ্ব ঐতিহ্যক্ষেত্ৰ সম্পৰ্কীয় এক পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত উপস্থিত থাকে। উল্লেখযোগ্য যে দেওবাৰে পুৱাৰপৰা ইউনেস্কোৰ পৰ্যবেক্ষক গৰাকীয়ে বিস্তৃতভাৱে মৈদামক্ষেত্ৰৰ সকলো যাৱতীয় বিষয় সামৰি পৰ্যবেক্ষণ কাৰ্য সম্পন্ন কৰিব।

Leave A Reply

Your email address will not be published.