ashomiyapatrika.com

শংকৰদেৱ জাতীয় বিদ্যালয়ত দৰিদ্ৰ আৰু দুৰ্বল শিশু সম্পৰ্কত সজাগতা সভা

0 161

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাত অৱস্থিত বলিয়াঘাট শংকৰদেৱ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় এ থ্ৰিএন ইট চাৰ্ভিচৰ এখন সজাগতা সভা। ২০১৯ চনত চি এছ আৰ পৃষ্ঠপোষতাত আৰম্ভ হোৱা কোম্পানীটোৱে দেশৰ প্ৰায় ২০.৭৫ কোটি দৰিদ্ৰ আৰু দুৰ্বল শিশুক ৫ বছৰ বয়সৰ পৰা ১৬ বছৰ বয়সলৈ সামৰি লৈছে। এই কোম্পানী টোৱে শিশুৰ স্বাস্থ্য লগতে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। বৰ্তমানে ৰাজ্যৰ অন্যান্য ঠাই সমূহৰ লগতে শিৱসাগৰ আৰু চৰাইদেউত এই আঁচনিৰ পঞ্জীয়ন আৰম্ভ কৰিছে কোম্পানী টোৱে। শিৱসাগৰত প্ৰাঞ্জল প্ৰতিম বুঢ়াগোহাঁই আৰু বিদ্যুৎ বিকাশ শইকীয়া, চৰাইদেও জিলাত বিতোপন

তামুলী আৰু বিশ্বজিত চাংমাইৰ নেতৃত্বত এই পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। কোনো লোকে এই কোম্পানীটোৱে ছাত্ৰ ছাত্ৰী সকলৰ বাবে কেনেধৰণৰ সেৱা আগবঢ়াইছে সেই সন্দৰ্ভত অধিক জানিবলৈ সোণাপুৰ, নাহৰ আলি, সোনাৰী, চৰাইদেও আদি অঞ্চলত থকা কাৰ্যালয় সমূহত যোগাযোগ কৰিবৰ বাবে ৭০০২১০৮৫৮৮ আৰু ৮৭৫৩৯৮৯৪৯৮ নম্বৰত যোগাযোগ কৰিব পাৰিব। প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয় খনৰ অধ্যক্ষ ঐচৰ্য্য ভূঞা কে আদি কৰি এ থ্ৰিএনৰ ৰাজ্যিক প্ৰধান মুস্তাফা আহমেদ, মুখ্য নিৰ্দেশক পিন্স শইকীয়া, জিলা পৰ্যবেশক কেশৱ শইকীয়া উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.