ashomiyapatrika.com

ভাৰত চৰকৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ শিৱসাগৰ ভ্ৰমণ

0 31

গৌৰীসাগৰঃ আজি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱাল ওৰামে শিৱসাগৰ জিলা ভ্ৰমণ কৰে। তেখেতে পুৱা শিৱদৌল দৰ্শন কৰি পোনপ্ৰথমে জনজাতীয় গাঁও বাৰেকুৰি চাপৰি, লাচন গাঁও, কাটিয়াৰি আৰু বাম ৰজাবাৰী পৰিভ্ৰমণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ মথাউৰি পৰিদৰ্শন আৰু বান পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰে ৷ জুৱাল ওৰামে দেউৰী আৰু মিছিং জনজাতি গাঁওৰ বাবে জলজীৱন আঁচনিৰ আধীনত আহোম পথাৰত এটি পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ইয়াৰ পিছতে গোঁসাইবাৰী চাহ বাগিছালৈ গৈ শ্ৰমিক সকলৰ লগতে স্থানীয় বাসিন্দা সকল সৈতেও মত বিনিময় কৰে৷ আবেলি মন্ত্ৰী গৰাকীয়ে আয়ুক্ত কাৰ্য্যালয়ৰ চুকাফা

সভাকক্ষত পি এম ফ্লেগশ্বিপ,চি এম ফ্লেগশ্বিপ আৰু ট্ৰাইবেল এফেয়াৰ্ছ আঁচনিৰ ওপৰত জিলা আয়ুক্তৰ লগতে জ্যেষ্ঠ বিভাগীয় বিষয়াৰ সকলৰ পৰা খতিয়ান লয়৷ এই বৈঠকত মন্ত্ৰীগৰাকীৰ লগত উপষ্ঠিত থাকে অসম চৰকাৰ মাননীয় শিক্ষা মন্ত্ৰী, সমভূমি জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ৰনোজ পেগু, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ লগতে জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ৷ শেষত তেওঁ স্থানীয় সংস্থা আৰু জিলাখনৰ বিভিন্ন সংগঠনৰ সৈতে মত বিনিময় কৰে৷

Leave A Reply

Your email address will not be published.