ashomiyapatrika.com

দিখৌমুখত গড়ৰ মুক্ত বিচৰণঃ কথমপি প্ৰাণ ৰক্ষা দুই সাংবাদিক আৰু এজন বনৰক্ষীৰ

0 35

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌমুখ আৰু ৰূপহীমুখৰ সমীপৰ গড়ছিগা পথাৰত বিগত প্ৰায় এমাহৰ পৰা এটা প্ৰাপ্তবয়স্ক গড়ে বিচৰণ কৰা ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে আজি পুৱা গড়টো দেওঘৰীয়া আৰু জনমিৰি বৰগাঁৱৰ পথাৰত প্ৰত্যক্ষ কৰে স্থানীয় গাঁওবাসীয়ে৷ মানুহৰ উমান পাই গড়টো এক নং আলিমুৰৰ এটা ঘন চুবুৰীৰ কাষৰ পাতলীয়া এডৰা হাবিত আশ্ৰয় লয়৷মিচিং জনগোষ্ঠীৰ বসতিপ্ৰধান ঠাই টুকুৰাত গড়টো আশ্ৰয় লোৱাত স্বাভাবিকতেই মানুহ সংকিত হৈ পৰে৷ লগে লগে জিলা বন বিভাগ খবৰ দিয়াত বন বিভাগৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়৷ লগত এটা সাংবাদিকৰ দল সহ

দলটো হাবিদৰাৰ কাষ পাওতেই তীব্ৰ বেগত গড়টোৱে চোঁচা লয় দলটোলৈ৷ গড়টো ইমান তৰিৎ গতিত খেদি আহিল যে এজন বন কৰ্মী আৰু নিউজ লাইভৰ সাংবাদিক বাসৱৰাজ বৰুৱা আৰু এন ডি-২৪ৰ সাংবাদিক শংকৰজ্যোতি শইকীয়া পথাৰত পৰি যায়৷ তৎপৰতাৰে বনকৰ্মীৰ দলটোৱা গুলি ফুটোৱাত গড়টো পুণৰ হাবিৰ মাজলৈ সোমায় যোৱাত তিনিগৰাকী কথমপিহে ৰক্ষা পৰে৷ পিছত দলটোৱে হাবিদৰাৰ পৰা কৌশলেৰে খেদি নিয়াত পুৰ্বতে আশ্ৰয় লোৱা গড়ছিগা পথাৰৰ ডাঠ নলনীডৰাত সোমাই পৰে৷স্মৰ্তব্য যে ৰাতি ৰাতি কৃষক ৰাইজৰ কঠিয়া আদি খাই তহিলং কৰা গড়টোৱে আজি পুৱা জনমিৰি বৰগাঁৱৰ একাংশ ৰাইজৰ

পথাৰত পাৰি থোৱা কঠিয়া খাই গচকি নষ্ট কৰে৷পৰৱৰ্তী সময়ত বন কৰ্মীৰ দলটোৱে দুৰ্গম নলনী ডৰাত ট্ৰেক্টৰত উঠি গড়টোৰ সন্ধান কৰে যদিও কোনো সন্ধান লাভ কৰিব নোৱাৰিলে৷ পুণৰ বিয়লি বন বিভাগে দ্ৰোণ কেমেৰাৰ জড়িয়তে সন্ধান কৰাৰ যো জা চলাইছে৷ইফালে সমীপৱৰ্তী জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ বিভাগটোৱে অনুৰোধ জনাইছে কিয়নো ক্ৰমাৎ হিংস্ৰ হৈ উঠা গড়টোৱে যিকোনো সময়তে মানুহ আক্ৰমণ কৰিব পাৰে৷ এই ঠাইলৈ গড়টো ক’ৰ পৰা আহিল সেইটো থাৱৰ কৰিব পৰা নাই যদিও ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিৰ পৰাই পাৰ হৈ অহা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে৷ জনবসতি পুৰ্ণ এলেকাত এইদৰে গড়ৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে কৃষিজিৱী ৰাইজক৷

Leave A Reply

Your email address will not be published.