ৰাজ্যিক পৰ্য্যায়ত ছাত্ৰ সমাজৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন
গৌৰীসাগৰঃ অসম উদয়াদিত্যৰ উপদেষ্টা অনন্ত কুমাৰ ভুঞাৰ ব্যতিক্ৰমী চিন্তাৰে অসম উদয়াদিত্য গোষ্ঠীৰ উদ্যোগত জনসেৱা বঁটাৰে বিভূষিত শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী ৰমা গগৈ আৰু বিশিষ্ট লেখক তথা আৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদৰ সহযোগত ভাৰ্চুৱেলী ছাত্ৰ সমাজৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বিগত বৰ্ষত অসম উদয়াদিত্য গোষ্ঠী ৰ উদ্যোগত ছাত্ৰ সমাজৰ মাজত ভাৰ্চুৱেলী তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ সমাজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ শলাগ পাবলৈ সক্ষম হোৱা এইয়া অসম উদয়াদিত্য ৰ দ্বিবাৰ্ষিক ভাৰ্চুৱেলী অধিৱেশন ৰ অন্যতম কাৰ্যসুচী -কবিতা আবৃত্তি
প্ৰতিযোগিতা। এই কবিতা আবৃত্তি প্ৰতিযোগিতা ”ক”শাখা আৰু”খ” শাখা ত অনুষ্ঠিত হ’ব। ‘ক”শাখা (প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে)আৰু”খ” শাখা (একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ মহলালৈ) ছাত্ৰ সমাজৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিব পাৰিব। ”ক”শাখা ৰ নিৰ্বাচিত কবিতা – হীৰেন ভট্টাচাৰ্য ৰ মোৰ দেশ( ১০টা শাৰী )আৰু ‘খ’ শাখা ৰ নিৰ্বাচিত কবিতা – জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰ বিদ্ৰোহী (১০টা শাৰী)। ‘ক’ শাখা ৰ নাম ভৰ্তি মাছুল -৫০ টকা আৰু “খ’শাখা ৰ ১০০টকা৷ নামভৰ্তি আৰু নিয়মাৱলী সবিশেষ জানিবৰ বাবে -৯৪৭৬৮৫৮০৩৪ ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অসম উদয়াদিত্য ৰ সাহিত্য সম্পাদিকা ঋতৃষ্ণা ডেকা, প্ৰচাৰ বিভাগৰ হৈ দৰ্শনা দত্তই
আৰু অসম উদয়াদিত্য ৰ কাৰ্য্যবাহী সম্পাদক ঋতুৰাজ বৰগোহাঁইকে আদি কৰি অসম উদয়াদিত্যৰ দায়িত্বত থকা প্ৰতিজন বিষয়ববীয়াই। ছাত্ৰ সমাজক উৎসাহিত কৰিবলৈ আৰু এখোজ আগবঢ়াবলৈ উদ্যোক্তাই ঘোষণা কৰা পুৰস্কাৰ সমুহ হ’ল-‘ক ” শাখাৰ প্ৰথম পুৰস্কাৰ -৫০০ টকা,দ্বিতীয় পুৰস্কাৰ -৩০০টকা, তৃতীয় পুৰস্কাৰ -২০০টকা (লগতে প্ৰতিগৰাকী বিজয়ীলৈ ডাকযোগে প্ৰদান কৰিব গামোচা,কিতাপ ৰ টোপোলা আৰু মানপত্ৰ)’খ ‘শাখা পুৰস্কাৰ-প্ৰথম পুৰস্কাৰ -৬০০ টকা,দ্বিতীয় পুৰস্কাৰ -৫০০ টকা,তৃতীয় পুৰস্কাৰ -৪০০ (লগতে প্ৰতিগৰাকী বিজয়ীলৈ ডাকযোগে গামোচা, কিতাপৰ টোপোলা আৰু মানপত্ৰ)। এই ভাৰ্চুৱেলী অধিৱেশন খনত অসম ৰ সাহিত্য, সংস্কৃতি,
ক্ৰীড়া সৰ্বাত্মক দিশ ৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিব আৰু ইচ্ছুক ব্যক্তিয়ে যদি অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে- ৯৪৭৬৮৫৮০৩৪ত যোগাযোগ কৰিবলৈ আহ্বান উদ্যোক্তা ৰ লগতে ভাৰ্চুৱেলী অধিৱেশন খনত সমগ্ৰ অসমবাসী ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে। এই দ্বিবাৰ্ষিক ভাৰ্চুৱেলী অধিৱেশন খনি ২৪ মাৰ্চ, দেওবাৰে ৰাতিপুৱা ১১ বজাৰৰ পৰা অনুষ্ঠিত হব গুগল মিট ৰ মাধ্যমেৰে৷ উক্ত প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰিবলৈ বিশিষ্ট সাংবাদিক তেজস্বিনী অসম, উদিয়মান লেখক কংকন ডেকা, উদিয়মান লেখক সমুজ্বল ডেকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক বিশ্বজিৎ ভৰালীকে প্ৰমুখ্যে কৰি লগতে বহুজনে সলাগ লোৱাৰ উপৰিও বহু জনে ছাত্ৰ সমাজক অংশগ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে ।