ashomiyapatrika.com

কছাৰীজান গাঁৱত ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা

0 30

স্বাধীনতা ৭৬ বছৰে একমাত্ৰ মূল পথৰ উন্নয়ন নোহোৱাত ৰাইজৰ ক্ষোভ

গৌৰীসাগৰঃ আমগুৰি বিধান সভা সমষ্টিৰ মোমাই তামুলী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ কছাৰী জান গাঁৱৰ ৰাইজে চৰকাৰৰ কোনো উন্নয়নমুলক আঁচনিৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত গাঁওখনৰ ৰাইজে কছাৰীজানৰ দলং আৰু আইলামুখ সংযোগী মুল পথটোৰ উন্নয়ন সাধনৰ বাবে বহু বাৰ অনুৰোধ জনোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ উপৰি বৰ্তমানৰ মিত্ৰজোঁটৰ বিজেপি চৰকাৰৰ পৰাও এই ক্ষেত্ৰত গুৰুত্ব নোপোৱাৰ অভিযোগ উঠিছে৷ তদুপলক্ষে আজি গাঁওবাসীৰ উপস্থিতিত অনুষ্ঠিত হয় এখন বৃহৎ প্ৰতিবাদী সভা৷ উক্ত সভাত গাঁওবাসীয়ে শাসকীয় মিত্ৰজোঁটৰ বিজেপি,প্ৰধান বিৰোধী দল কংগ্ৰেছ ,

অগপকে ধৰি অন্যান্য সকলো ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ সিৰ্ধান্ত গ্ৰহন কৰে। উক্ত প্ৰতিবাদী ৰাজহুৱা সভাত সমাগত লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে যাতে গাওঁঁখনত ভোট বিচাৰি আহিব নোৱাৰে তাৰ বাবে সকলোৱে সতৰ্ক দৃষ্টি ৰখাৰ কঠোৰ সিদ্ধান্ত গ্ৰহন কৰিছে গাওঁবাসীয়ে। উলেখ্য যে কছাৰীজান গাঁওবাসীয়ে দীৰ্ঘদিনে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন কৰি উপস্থিত ৰাইজে ক্ষোভ উজৰাৰ লগতে উক্ত সভাতে গাওঁখনৰ উন্নয়নৰ বাবে মহিলাসকলক লৈ গঠন কৰে এখন উন্নয়ন সমিতি। যুৱ সমাজকৰ্মী নৱজ্যোতি দাসে আতঁ ধৰাৰ আৰু উদেশ্য বাখ্যা কৰা সভাত গাওঁখনৰ ৭০ টাৰো অধিক পৰিয়ালে

বাৰিষা জৰাজীৰ্ণ পথৰে জোতা চেণ্ডেল খুলি ওলোৱা সোমোৱা কৰাকে ধৰি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰোতে ভোগ কৰি অহা দুৰ্ভোগ আজিৰ প্ৰেক্ষাপটত এক হতাশজন ছবি বুলি অভিহিত কৰে। সংশ্লিষ্ট প্ৰতিবাদী ৰাজহুৱা সভাত উপস্থিত ৰাইজে বিধায়ক প্ৰদীপ হাজৰিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে যোৱা বিধান সভা নিৰ্বাচনৰ সময়ত উক্ত পথটোৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত সেই প্ৰতিশ্ৰুতি পাহৰি যোৱা বুলিও ক্ষোভ উজাৰে। তাৎপৰ্যপূৰ্ণ ভাবে পথটো উন্নয়নৰ দাবীত বিধায়কৰ ওচৰলৈ গাওঁখনৰপৰা যোৱা প্ৰতিনিধি দলক চিনি নোপোৱা বুলি মন্তব্য দিয়াৰ

ভূমিকাক প্ৰতিবাদী ৰাজহুৱা সভাই খেদ প্ৰকাশ কৰে৷ শতাধিক পুৰুষ – মহিলা উপস্থিত থকা উক্ত সভাত বয়োজেষ্ঠ ব্যক্তি ক্ৰমে দেবেন দাস, বীৰেন দাস, জিতেন দাস, ৰঞ্জিত দাসৰ উপস্থিতিত ৰিতুমণি দাসক সভানেত্ৰী,ৰূপা দাসক সম্পাদিকা, গীতাঞ্জলী দাসক উপ -সভানেত্ৰী আৰু চুমী দাসক সহ সম্পাদীকা হিচাপে লৈ গঠন কৰে এখন শক্তিশী গাঁও উন্নয়ন সমিতি৷

Leave A Reply

Your email address will not be published.