কেন্দ্ৰীয় মুগা এৰি গৱেষণা ও প্ৰশিক্ষণ প্ৰতিস্থানৰ উদ্যোগত ৰূদ্ৰসাগৰ পঞ্চায়তত এৰি পালন সম্পৰ্কীয় প্ৰশিক্ষণ
গৌৰীসাগৰঃ যোৰহাট লাহদৈগড়স্থিত কেন্দ্ৰীয় মুগা এৰি গৱেষণা ও প্ৰশিক্ষণ প্ৰতিস্থানৰ উদ্যোগত আৰু শিৱসাগৰ ৰেচম কায্যালয়ৰ সহযোগত আজি এৰি পালন সম্পৰ্কীয় এক প্ৰশিক্ষণ কায্যসূচী সম্পন্ন হয়। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ আন্তৰ্গত ৰূদ্ৰসাগৰ গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কায্যসূচীত পঞ্চায়তখনৰ অৰ্ন্তগত ৫০গৰাকীতকৈ অধিক পলু পালকে অংশ গ্ৰহন কৰে।শিৱসাগৰ ৰেচম কায্যালয়ৰ ৰেচম প্ৰৰ্দশক জ্ঞানৰঞ্জন গগৈ আতঁ ধৰা আৰু উদেশ্য বাখ্যা কৰা অনুষ্ঠানটোত কেন্দ্ৰীয় মুগা এৰি গৱেষণা ও প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জেষ্ঠ গৱেষক বিজ্ঞানী ডঃ দিগন্ত মেছ আৰু ডঃ বিজয় এন সমল ব্যক্তি হিচাপে উপস্থিত থাকি এৰি পালনৰ লগতে
তাৰ জৰিয়তে কি দৰে স্বাৱলম্বী হব পাৰি তাৰ বিভিন্ন দিশসমূহৰ ওপৰত দৃশ্য শ্ৰব্য মাধ্যমৰ জৰিয়তে বিস্তৃত বাখ্যা আগবঢ়ায়। তাৰোপৰি জিলা ৰেচম সম্প্ৰসাৰণ বিষয়া মা’ৰলিনা মাৰাক, ৰেচম প্ৰৰ্দশক ৰিণু কলিতা আৰু দীপাংকৰ ওজা আদি উপস্থিত থাকে। স্মতব্য ৰূদ্ৰসাগৰ আৰু ৰংপুৰ পঞ্চায়তৰ বিশেষভাৱে দায়িত্বত থকা জিলা ৰেচম প্ৰদশক ৰিণু কলিতাৰ একান্ত প্ৰচেষ্টাত দুয়োখন পঞ্চায়তৰ শতাধিক মহিলা পলুপালকে ৰাজ্যৰ ৰেচম খণ্ডলৈ বিশেষ অৰিহনা যোগাবলৈ সক্ষম হোৱাৰ লগতে নিজেও স্বাৱলম্বী হবলৈ সক্ষম হৈছে।