ashomiyapatrika.com

বকোৰ কুৰশালাত ভূমি বিবাদৰ নায়ক গাওঁ প্ৰধানঃ এডৰা মাটি বিক্ৰীৰ পিছতো পুনৰ ধনদাবী

0 48

বকোঃ কামৰূপ জিলাৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাওঁ কুৰশালাত এডৰা ভূমিৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত চলিছে শীতল যুদ্ধ। প্ৰাপ্ত তথ্য অনুসৰি কুৰশালা গাঁওৰ গাওঁ প্ৰধান সুৰ্য্য কলিতাৰ পৰিয়াল আৰু একে গাওঁৰে কমলেশ্বৰ কলিতাৰ পৰিয়ালৰ মাজত সংঘটিত হৈছে ভূমি বিবাদ। এতিয়া এই ভূমি বিবাদে চূড়ান্ত পৰ্য্যায়ত উপনীত হৈছে। উল্লেখ্য যে ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰশালা গাওঁৰ খেৰাজ ম্যাদি জমি ১১৪ নং পাট্টাৰ ৫৮ নং দাগৰ অংশ বিক্ৰীদাৰে ভাগে ডাগে নিজৰ নিজৰ অংশ খৰিদ্দাৰ কমলেশ্বৰ কলিতাৰ হাতত বিক্ৰী কৰে। ইফালে মাটি বিক্ৰী খট পত্ৰ মতে ১১৪ নং পাট্টাৰ ৫৮ নং দাগৰ মিনতী কলিতাই প্ৰয়াত স্বামী ফুকন

কলিতাৰ অংশ ০৭/০৬/ ২০১১ চনত, মিহিবালা কলিতাই স্বামী প্ৰয়াত কন্দৰ্প কলিতাৰ অংশ ০৬/১১/২০১১ চনত আৰু ভূপেন কলিতাই পিতৃ প্ৰয়াত গৌৰী কলিতাৰ অংশ ০১/০৪/২০১৩ চনতে ভাগে ভাগে বিক্ৰী কৰে। এই জমি সামাজিক ভাৱে দলিল যোগে সাক্ষীৰ সাক্ষ্যাতত বিক্ৰী কৰা খট পত্ৰ খৰিদ্দাৰৰ হাতত মজুত আছে। প্ৰকাশ্য যে গাওঁ প্ৰধান সুৰ্য্য কলিতাই নিজৰ অংশ উকা দলিলত চহী কৰি ধন লৈছে।ইয়াৰোপৰি খৰিদ্দাৰে নিজৰ গাঁঠিৰ ধন ভাঙি টকা জমা দি পূৰ্বৰ পৰাই ভোগ দখল কৰি আহিছে। তৎস্বত্তেও সম্প্ৰতি এক দূষ্ট চক্ৰৰ কু অভিসন্ধিত খৰিদ্দাৰ সকলোৰ উত্তৰাধিকাৰী সকলে পূৰ্বে বিক্ৰী কৰা জমিৰ ওপৰত পুনৰ ধন দাবী কৰি আহিছে। এই লৈ শংকাত

পৰিছে খৰিদ্দাৰৰ পৰিয়ালে। এতিয়া কথা হ’ল ইয়াৰ বাবে আইন আছে নে নাই ? কাৰণ এবাৰ বিক্ৰী কৰা বুলি ধন আদায় লোৱা জমিৰ দলিল কৰা হোৱাৰ পিছতো কিয় উত্তৰাধিকাৰী সকলে ধন দাবী কৰে। এই সন্দৰ্ভত সংশ্লিষ্ট পক্ষক নজৰ দিৱলৈ আহ্বান জনাইছে কমলেশ্বৰ কলিতাৰ পৰিয়ালে।

Leave A Reply

Your email address will not be published.