যি ঠাইত বিকাশৰ আন্দোলন চলে সেই ঠাইতে বিকাশৰ গংগা প্ৰৱাহিত হয়, কোনেও কল্পনা নকৰা কাম আজি অসমত সম্ভব হৈ উঠিছেঃ মুখ্যমন্ত্ৰী
অহা মাহৰ পৰা শিৱসাগৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব
গৌৰীসাগৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি আহোম সংস্কৃতি আৰু পৰম্পৰা তথা স্থাপত্য-কলাৰ চহকী ঐতিহ্যৰ অন্যতম চানেকি ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্দ্ধন প্রকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্রহণ কৰে। উল্লেখ্য যে, যোৱা ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই প্রকল্পটিৰ আধাৰশিলা স্থাপন কৰিছিল। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৬০০ বছৰীয়া আহোম ৰাজত্বকাল আছিল অসমৰ গৌৰৱোজ্বল ইতিহাসৰ এক অনন্য অধ্যায়। এই অধ্যায়ৰ এক বিশিষ্ট স্থান ৰংপুৰে অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে স্বর্গদেউ ৰুদ্ৰসিংহই গড়গাঁৱৰ পৰা ৰাজধানী স্থানান্তৰিত কৰি
ৰংপুৰ নগৰত প্ৰতিষ্ঠা কৰিছিল আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পিছত স্বৰ্গদেউ শিবসিংহ, স্বর্গদেউ প্রমত্ত সিংহ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰংপুৰৰ পৰাই ৰাজ্য শাসন কৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে ৰংপুৰত আহোম ৰাজ্যত ৰাজধানী স্থাপন কৰা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত অসমীয়া স্থাপত্য শিল্পই নতুন ৰূপ লাভ কৰিছিল। তেওঁ লগতে কয় যে স্বর্গদেউ ৰুদ্ৰসিংহই ৰাজপ্রসাদ আৰু মন্দিৰ নিৰ্মাণ কৰিবলৈ কোচবিহাৰ আৰু বংগৰ পৰা কাৰিকৰ অনাইছিল। স্বর্গদেউ ৰুদ্ৰসিংহই নির্মাণ কৰা দৌল-পুখুৰী-আলিসমূহে ৰংপুৰ নগৰৰ ঐতিহ্যত এক নতুন মাত্রা সংযোজন কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই
ৰংঘৰ সাজি কেৱল স্থাপত্যই নহয়, অসমীয়া শিল্প কলা, ক্রীড়াৰ দিশত নতুন আয়তন সংযোজন কৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে ৰংপুৰত ৰাজধানী থকাৰ সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা ৰূপহী পথাৰত হাতী যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজ আদি নানান খেল ধেমালি হৈ আহিছে। এনে ঐতিহ্যমণ্ডিত ৰংপুৰক আধুনিক যুগৰ লগত সংমিশ্রণ কৰি এক সৌন্দর্যবর্দ্ধন, পর্যটকৰ আকৰ্ষণৰ কেন্দ্র স্থল হিচাপে পৰিগণিত কৰাৰ প্রয়োজনীয়তা আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে শিৱসাগৰৰ নির্বাচিত প্রতিনিধি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰামৰ্শৰে এই ৰংঘৰ প্ৰকল্পটোক নতুন ৰূপ দিয়া হৈছে। প্রধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰাৰ
পিছত কম সময়ৰ ভিতৰত ইয়াক ভূমি তললৈ অনাটো সম্ভব হৈছে বুলিও তেওঁ কয়। এই ১৪০ কোটি টকাৰ প্ৰকল্প ২০২৬ চনৰ আগতেই সম্পূর্ণ কৰি শিৱসাগৰৰ ৰাইজক উপহাৰ দিয়া হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়।শিৱসাগৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে আৰু খুব কম সময়ৰ ভিতৰত এই বিশ্ববিদ্যালয়খনৰ পূৰ্ণ পৰ্যায়ত কাম আৰম্ভ হ’ব। তেওঁ কয় যে শিৱসাগৰৰ আর্থ-সামাজিক তথা সমগ্র জিলাখনৰে বিকাশৰ বাবে প্রয়াস চলোৱা সময় আহি পৰিছে। ডিব্রগড়, তিনিচুকীয়া, যোৰহাট, চৰাইদেউত
চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পিছত অহা মাহৰ পৰা শিৱসাগৰতো চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। তেওঁ লগতে কয় যে শিৱসাগৰৰ পৰিবহন, বাট-পথৰ উন্নয়ন সাধনৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ লৈ আহিছে আৰু অহা কেইদিনমানৰ ভিতৰতে ১৮৭ কোটি টকা ব্যয় সাপেক্ষে শিৱসাগৰৰ ফেৰী ঘাট, দিখৌমুখৰ পৰা নাজিৰা টাউন তিনিআলি লৈকে এই পথটো নতুন ৰূপত নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে। শিৱসাগৰ জিলাৰ প্রাকৃতিক সৌন্দর্যৰ লগত খাপ খোৱাকৈ আন কেইবাটাও পদক্ষেপ হাতত লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিৱসাগৰৰ চহৰত থকা
কাৰাগাৰখন স্থানান্তৰিত কৰি এক আধুনিক উদ্যান আৰু ঐতিহ্যৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে আজি শিৱসাগৰত বিকাশৰ এক জয়যাত্রা, বিকাশৰ এক নতুন কর্মযজ্ঞ আৰম্ভ হৈছে। শিৱসাগৰ পৰ্যটনৰ এক কেন্দ্রবিন্দু বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে শিৱসাগৰৰ আবৰ্ত্ত ভৱন পর্যটকক আকর্ষণ কৰিব পৰাকৈ গঢ়ি তোলাৰ বাবে ইতিমধ্যে বাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। চৰাইদেউ বিশ্বঐতিহ্য ক্ষেত্রলৈ ৰূপান্তৰ হোৱাৰ লগে লগে ঐতিহ্যমণ্ডিত অবিভক্ত শিৱসাগৰ জিলাই এক নতুন গতিত আগবাঢ়িব বুলিও তেওঁ কয়।যি ঠাইত বিকাশৰ আন্দোলন চলে সেই ঠাইতে বিকাশৰ গংগা প্রবাহিত হয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে
কয় যে যোৱা তিনিটা বছৰত ৰাজ্যখনে অভূতপূর্ব উন্নয়নৰ পথ দেখিছে। তেওঁ কয় যে অসমৰ প্রতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় হ’ব, সেয়া কোনেও কল্পনা কৰা নাছিল। যোৰহাটৰ পৰা মাজুলীলৈকে, মাজুলীৰ পৰা লখিমপুৰলৈ দলং নির্মাণ, এটা বছৰতে ধলা-শদিয়া, বগীনদীৰ ওপৰত দলংৰ কামো সম্পূর্ণ হ’ব, সেই কথাও কোনেও কল্পনা কৰা নাছিল বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ কয় যে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈর্ঘ্যৰ উৰণ সেতু হ’ব তেনে দিশতো কল্পনা কৰিব পৰা নাছিল। ভাষণ প্রসঙ্গত মুখ্যমন্ত্রীয়ে নুমলীগড়ৰ পৰা গহপুৰলৈ ব্ৰহ্মপুৰৰ মাজেৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ, কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং
নিৰ্মাণ আদিৰ বিষয়েও ভাষণ প্রসঙ্গত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ মাজত এচাম ব্যক্তি আছিল যি সকলে এই কথা বিশ্বাস কৰোৱাইছিল যে অসমক শোষণ কৰি অহা হৈছে। কিন্তু এই কথা কোনোও বিশ্বাস কৰোৱা নাছিল যে অসমে নিজৰ ভৰিৰ ওপৰত নিজে ঠিয় হ’ব পাৰে । তেওঁ লগতে কয় যে এখন আত্মবিশ্বাসী অসমক সমগ্ৰ ভাৰতবৰ্ষই সমর্থন কৰিব সেই কথাও কোনেও ভাবিব পৰা নাছিল। মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রধানমন্ত্রীয়ে চৰাইদেউক ভাৰতৰ পৰা বিশ্বঐতিহ্যব ক্ষেত্ৰৰ বাবে একমাত্র মনোয়ন হিচাপে প্রেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। অসমৰ শৌর্য-বীর্যৰ প্রতীক লাচিত বৰফুকনৰ গ্ৰন্থ ভাৰতবৰ্ষৰ ২৬ টা ভাষাতো ৰূপান্তৰ হ’ব
পাৰে সেই কথাও কোনেও কল্পনা কৰা নাছিল। যোৱা তিনিটা বছৰত আন্দোলন বিবর্জিত পৰিবেশে অসমক এক নতুন দিগন্তলৈ লৈ গ’ল বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিখন কেবিনেট বৈঠকৰ পিছতে ৩০০-৪০০ কোটি টকাৰ প্ৰকল্পৰ কথা ঘোষণা কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে এটা বছৰতে ৰংঘৰৰ প্ৰকল্প হ’ব, তাই-আহোম মিউজিয়ামৰ কাম হ’ব সেই কথাও কোনোও কল্পনা কৰা নাছিল। মুখ্যমন্ত্রীয়ে লগতে কয় যে লোকসভাৰ নিৰ্বাচনৰ পিছত শিৱসাগৰত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হ’ব। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী
যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়কসকল প্রশান্ত ফুকন, প্রদীপ হাজৰিকা, সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, তৰংগ গগৈ, অখিল গগৈ, ভূবন গাম, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।