ashomiyapatrika.com

সাংবাদিকৰ পেঞ্চনকে ধৰি সাংবাদিক কল্যাণ আঁচনি ৰূপায়নৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ আপকু শিৱসাগৰ জিলা সমিতিৰ স্মাৰক পত্র প্রদান

0 74

গৌৰীসাগৰঃ আপকু শিৱসাগৰ জিলা সমিতিয়ে আজি সভাপতি পদুম কুমাৰ শইকীয়া, কেন্দ্রীয় প্ৰচাৰ সম্পাদক যুগল শৰ্মা, জিলা সদস্য ক্ৰমে ঋষিৰাজ ভট্টাচার্য, বিৰাজ বিনিত ভট্টাচার্য, অভিযান দত্তৰ সহযোগত শিৱসাগৰ জিলা সদৰ মহকুমাধিপতি পৰিক্ষীত ফুকনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ মুঠ এঘাৰটা দাবী সম্বলিত স্মাৰক পত্ৰ প্রেৰণ কৰা হয়। আপকুৰ কেন্দ্রীয় সমিতিৰ সভাপতি স্বপন কুমাৰ ৰাভা, কার্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদৰ প্রধান শৰৎ শেনছোৱাৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰত আপকুৰ কেন্দ্রীয় কার্যালয় স্থাপনৰ বাবে গুৱাহাটী মহানগৰৰ আশে- পাশে অতি কমেও ৩ (তিনি)কঠা চৰকাৰী ভূমি

আবন্টন দিয়া, চলিত বর্ষত বন্ধ হৈ থকা সাংবাদিকৰ পেঞ্চন ব্যবস্থা পুনৰ প্রৱর্তন কৰি মাহিলী পেঞ্চন ৮ হেজাৰ টকাৰ পৰা ২০ হেজাৰ টকালৈ বৃদ্ধি কৰা, প্রত্যেক বছৰে সাংবাদিকৰ পেঞ্চনৰ বাবে অতি কমেও ৪০ গৰাকীকৈ ৬০ বছৰ উৰ্ধৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত সাংবাদিকক নির্বাচন কৰা, পূৰ্বৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা সাংবাদিকৰ এককালীন সাহার্য মোকলাই দিয়া, চৰকাৰী স্বীকৃতিপ্রাপ্ত মফচলীয় সাংবাদিক তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ সকলো তথ্যপাতি শুদ্ধ আৰু বিধিগতভাবে দাখিল কৰাৰ পাছত ১০০ শতাংশ চিকিৎসা সাহার্য মোকলাই দিয়া, অসমৰ সংবাদকর্মীসকলক উপযুক্ত যোগ্যতাৰ ভিত্তিত প্রতি বছৰে মিডিয়া ফেল শ্বিপ প্রদানৰ

ব্যৱস্থা কৰা, পূৰ্বৰ চৰকাৰে ৰূপায়ন কৰা চৰকাৰী স্বীকৃতিপ্রাপ্ত গ্রাম্য সাংবাদিকৰ চুবুৰীয়া ৰাজ্য ভ্রমণ আঁচনিখন পুনৰ প্রবর্তন কৰা, ভাৰতীয় ৰেল যাতায়ত ব্যৱস্থাত পূৰ্বৰ ৫০ শতাংশ ৰেহাই ব্যৱস্থা পুনৰ প্ৰবৰ্তন কৰা, অসমৰ সংবাদ পত্র আৰু বৈদ্যুতিন মাধ্যমত কৰ্মৰত হৈ থকা সকলো চৰকাৰী চাকৰিয়ালক সাংবাদিকতা বৃত্তিৰ পৰা শীঘ্রেই অব্যাহতি দিয়া, অসমৰ পৰা প্রকাশিত বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমসমূহে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা বিজ্ঞাপনৰ বাবদ পাব লগা অনাদায় ধন শীঘ্রেই মোকলাই দিয়া, যিসকল চৰকাৰী চাকৰিবিহীন মফচলীয় সাংবাদিকে অদ্যপৰিমিত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা ‘চৰকাৰী

স্বীকৃতি পত্র’ লাভ কৰা নাই সেইসকলৰ সুবিধার্থে শীঘ্রেই জিলা /ৰাজ্যিক পর্যায়ৰ সমিতিৰ সভা আহ্বান কৰি যাবতীয় ব্যৱস্থা গ্রহণ কৰা আৰু জিলা তথা মহকুমা সদৰসমূহৰ পৰা নতুন নতুন আবেদনকাৰীৰ পৰা আবেদন পত্র বিচৰাৰ ব্যৱস্থা কৰা, সংবাদ সেৱাৰ নামত একাংশ মতলবী ব্যক্তি তথা প্রতিষ্ঠানৰ পৃষ্ঠপোষকতাত কাঠফুলাৰ দৰে গঢ় লৈ চৰকাৰী পঞ্জীয়নবিহীন সকলো ‘ৱেব প’র্টেল’ক অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা নতুন নীতি-নির্দেশনা প্রস্তুত কৰি বিভাগটোৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷

Leave A Reply

Your email address will not be published.