ashomiyapatrika.com

শিৱসাগৰ জিলাত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত সভাঃ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কাৰ্যসূচী

0 20

গৌৰীসাগৰঃ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৬ জানুৱাৰী তাৰিখে জিলাখনত দেশৰ ৭৫ তম গণৰাজ্য দিৱস উলহ- মালহেৰে তথা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে আজি জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত গণৰাজ্য দিৱসৰ জিলা পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠানটি ব’ৰ্ডিং খেলপথাৰত আয়োজন কৰা হ’ব বুলি উল্লেখ কৰে। তেওঁ গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত বিভিন্ন বিভাগৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বিস্তাৰিতভাবে অবগত কৰি এই ক্ষেত্ৰত

গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতি নিয়াৰিকৈ চলাই যাবলৈ আহ্বান জনায়। তেওঁ সকলোকে ৰাষ্ট্ৰীয় পতাকা নিৰ্ধাৰিত সময়মতে শ্ৰদ্ধা সহকাৰে তথা বিধিগত নিয়মেৰে উত্তোলন আৰু অৱনমন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ গণৰাজ্য দিৱসৰ সমুহ কাৰ্যসূচীৰ সফল সম্পাদনৰ বাবে সংশ্লিষ্ট সকলোৰে পূৰ্ণ সহযোগিতা কামনা কৰে।সভাত উপস্থিত থাকি আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই তেওঁৰ বক্তব্যত আগন্তুক গণৰাজ্য দিৱস শান্তিপূৰ্ণভাবে উদযাপন কৰাৰ বাবে আৰক্ষী বিভাগৰ তৰফৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে। সভাত সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাই আলোচনাৰ সুবিধাৰ্থে বিগত বৰ্ষৰ গণৰাজ্য দিৱসৰ কাৰ্যবিবৰণী পাঠ কৰে। আজিৰ

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী দলে, জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওগ, অতিৰিক্ত জিলা আয়ুক্ত গীতালি দুৱৰা, পাৰ্থ প্ৰতীম খনিপৰ, নিৰ্বাচনী বিষয়া সুগত গোস্বামী, সহকাৰী আয়ুক্ত বৰ্ণালী খতিৱাৰা, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালী কোঁৱৰ, বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰ লগতে সমাজ, সাংস্কৃতি শিক্ষা তথা ক্রীড়া জগতৰ লগত ওতঃপ্ৰোতভাবে জড়িত ভালেকেইগৰকী বিশিষ্ট নাগৰিক উপস্থিত থাকে।আগন্তুক গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথিয়ে পুৱা ৯বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি জিলাবাসীক উদ্দেশ্যি তেওঁৰ ভাষণ প্ৰদান কৰিব। ইয়াৰ পাছত তেওঁ অসম আৰক্ষী বাহিনী,

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী তথা স্কাউট গাইডৰ দ্বাৰা প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব। ইয়াৰ পিছতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত সম্বৰ্ধনা আৰু বঁটা বিতৰণী কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।গণৰাজ্য দিৱসৰ অন্যান্য কাৰ্যসূচীসমূহ এনেধৰণৰ- পুৱা ৫ বজাৰ পৰা ৬বজালৈ প্ৰভাত ফেৰী, পুৱা ৬:০০ বজাৰ পৰা ৭বজালৈ নিজ নিজ বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭:৩০ বজাত চৰকাৰী, অৰ্ধ-চৰকাৰী অনুষ্ঠান, শিক্ষানুষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৮:৩০ বজাত পিয়লি ফুকন উদ্যান আৰু আনন্দৰাম বৰুৱা উদ্যানত ৰাজহুৱা শ্বহীদ তৰ্পণ, ১০:০০ বজাৰ পৰা ১২বজালৈ

জিলা কাৰাগাৰ, শিশু গৃহ, চিকিৎসালয়ৰ ৰোগী, বৃদ্ধাশ্ৰম আদি ফলমূল বিতৰণ, বিয়লি ২ বজাত প্ৰীতি ক্ৰিকেট খেল, বিয়লি ৪:৪০ বজাত আনুষ্ঠানিকভাৱে জাতীয় পতাকা অৱনমন জকু সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ’ব। জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে গণৰাজ্য দিৱসৰ সমুহ কাৰ্যসূচীতে সকলো জনসাধাৰণৰ সহযোগিতা আৰু অংশগ্ৰহণ একান্তই কামনা কৰিছে ৷

Leave A Reply

Your email address will not be published.