ashomiyapatrika.com

শিৱসাগৰ নিৰ্বাচনী জিলাত খচৰা ভোটাৰ তালিকা প্ৰকাশ

0 41

গৌৰীসাগৰঃ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত আজি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়া আদিত্য বিক্ৰম য়াদৱৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সৰ্বদলীয় সভাত শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত নৱগঠিত ৯৫ নং ডিমৌ আৰু ৯৬ নম্বৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত শুধৰণীৰ লগত সংগতি ৰাখি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়৷ এই খচৰা ভোটাৰ তালিকা অনুসৰি শিৱসাগৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা ৩৮০০০৯ গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৮৯১৮৩ গৰাকী১, মহিলা ভোটাৰৰ সংখ্যা ১৯০৮২৫ আৰু তৃতীয় লিংগৰ সংখ্যা ১ গৰাকী৷ ইয়াৰে ৯৫ নং ডিমৌ বিধান সভা সমষ্টিৰ পুৰুষ

ভোটাৰৰ সংখ্যা ৮৬৭৫৭ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৮৭৩৩৪ গৰাকী৷ ৯৬ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ পুৰুষ ভোটাৰৰ সংখ্যা ১০২৪২৬ গৰাকী, পুৰুষ ভোটাৰৰ সংখ্যা ১০৩৪৯১ গৰাকী আৰু তৃতীয় লিংগৰ ১গৰাকী৷ উল্লেখ্য যে ভাৰতীয় নিৰ্বাচন আয়োগে ১১ নৱেম্বৰ ২০২৩ তাৰিখে জাৰি কৰা 282/AS/2023/(DEL)/Vol-5 নং অধিসূচনা অনুসৰি সমষ্টি পুণৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে শিৱসাগৰ নিৰ্বাচনী জিলাৰ পূৰ্বৰ ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টি কৰ্তন কৰি বৰ্তমান ৯৫ নং ডিমৌ বিধান সভা আৰু ৯৬ নং শিৱসাগৰ বিধান সভা সমষ্টি হিচাপে শিৱসাগৰ নিৰ্বাচনী জিলা পুণৰ নিৰ্দ্ধাৰণ কৰে ৷ ইয়াৰ

ফলত শিৱসাগৰ নিৰ্বাচন জিলাত ভোট কেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ৫১২ তাৰ বিপৰীতে ৪৮১ টালৈ হ্ৰাস পালে৷ আজি প্ৰকাশিত খচৰা ভোটাৰ তিলিকাৰ সন্দৰ্ভত যি কোনো ব্যক্তিয়ে দিব লগা আপত্তি অথবা দাবী সমুহ ৮ ডিচেম্বৰ ২০২৩ তাৰিখৰ পৰা ৮ জানুৱাৰী ২০২৪ গ্ৰহণ কৰা হ’ব আৰু উক্ত দাবী অথবা অভিযোগ সমুহ ১৬ ডিচেম্বৰ ২০২৩ তাৰিখৰ পৰা ২২ জানুৱাৰী ২০২৪ তাৰিখলৈকে নিস্পত্তি কৰা হ’ব৷ এই ক্ষেত্ৰত অহা ইংৰাজী ১৬, ১৭,’২৩ আৰু ২৪ ডিচেম্বৰ তাৰিখে শিৱসাগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত দুয়োটা বিধান সভা সমষ্টিৰে প্ৰত্যেকটো ভোট কেন্দ্ৰত ভোটাধিকাৰ সজৰাগতা শিৱিৰ অনুষ্ঠিত কৰি ভোটাধিকাৰ সম্পৰ্কীয় কাম-কাজ সমুহ সমাপন কৰা হ’ব ৷

ভোটাধিকাৰ সম্পৰ্কীয় নিজৰ নাম শুদ্ধকৈ থকা নথকা সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগে দিয়া Voter Helpline App আৰু Voters.eci.gov.in প’ৰ্টেলৰ জড়িয়তে পৰীক্ষা কৰিব পাৰিব ৷ জিলা নিৰ্বাচনী বিষয়াই সভাত জানিবলৈ দিয়ে যে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ১জানুৱাৰী ২০২৪ ভিত্তি তাৰিখৰ চূড়ান্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত শুধৰণিৰ প্ৰকাশ হ’ব ৮ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে৷ এইক্ষেত্ৰত ৰাজনৈতিক দলৰ দ্বাৰা নিয়োগ কৰা বুথ পৰ্যায়ৰ এজেন্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবপাৰে ৷ সভাত নিৰ্বাচনী বিষয়াই বুথ পৰ্যায়ৰ এজেন্টৰ নিয়োগ প্ৰক্ৰিয়া সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰে আৰু ৰাজনৈতিক দলসমুহক এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত গীতালি দুৱৰা, নিৰ্বাচনী বিষয়া সুগত গোস্বামী, বিভিন্ন ৰাজনৈতিক দলৰ সদস্যৰ লগতে শিৱসাগৰৰ সাংবাদিক সকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.