শিৱসাগৰত বিশেষভাৱে সক্ষম ব্যক্তিক বিভিন্ন সা-সঁজুলি প্ৰদানৰ বাবে পঞ্জীয়ণ কাৰ্যসূচী
গৌৰীসাগৰঃ শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত বিশেষভাৱে সক্ষম ব্যক্তিক বিভিন্ন সা-সঁজুলি প্ৰদানৰ বাবে পঞ্জীয়ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই পঞ্জীয়ন কাৰ্যসূচী ৪ আৰু ৫ ডিচেম্বৰত নাজিৰা শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত মেকিপুৰ অডিট’ৰিয়াম আৰু নাজিৰা ইন্দ’ৰ ষ্টেডিয়ামত, ৬ ডিচেম্বৰত আমগুৰি শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত ভূঞাহাট গাওঁ পঞ্চায়ত কাৰ্যালয়ত, ৭ ডিচেম্বৰত শিৱসাগৰ আৰবান শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত পিয়লিফুকন ষ্টেডিয়ামত, ৯ আৰু ১০ ডিচেম্বৰত শিৱসাগৰ গ্ৰাম্য শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জয়া উচ্চ ইংৰাজী
বিদ্যালয়ত, ১১, ১২ আৰু ১৩ ডিচেম্বৰত গৌৰীসাগৰ শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত গৌৰীসাগৰ ব্লক কমিউনিটি হল, দিখৌমুখ কমিউনিটি হল আৰু বৰপাত্ৰ দ’ল উচ্চ ইংৰাজী বিদ্যালয়ত, ১৪, ১৫ আৰু ১৬ ডিচেম্বৰত ডিমৌ শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত বগলী পথাৰ প্ৰথমিক বিদ্যালয়, কলিয়াপানী গ্ৰান্ট মডেল অংগনবাড়ী কেন্দ্ৰ আৰু চাউলকৰা বিক্ৰমপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব ৷ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা এই পঞ্জীয়ণৰ বাবে বিশেষভাৱে সক্ষম প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড আৰু বাৰ্ষিক আয়ৰ প্ৰমান পত্ৰ দাখিল কৰিব লাগিব ।