তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বলীয়াঘাটত উচ্চ গেছ পৰিবাহী পাইপত বিস্ফোৰণঃ তিনিগৰাকীকৈ মহিলা আহত, আতংকিত স্থানীয় ৰাইজ
গৌৰীসাগৰঃ অ এন জি ছিৰ বলীয়াঘাট জি জি এছ ১ৰ মঠাদাং জি ছি পিলৈ এডাল উচ্চ গেছ পৰিবাহী পাইপত আজি বিয়লি বিস্ফোৰণ ঘটে।বিস্ফোৰণত স্থানীয় ৰাইজ আতংকিত হৈ পৰাৰ উপৰি তিনিগৰাকীকৈ মহিলা আহত হয়। উক্ত উচ্চ গেছ পৰিবাহী পাইপডাল জি জি এছ ১ নংৰ পৰা মঠাদাং জি ছি পি লৈ গৈছিল। জানিব পৰা মতে বিস্ফোৰণৰ সময়ত স্থানীয় কেইবাগৰাকী মহিলা বিস্ফোৰিত পাইপ ডালৰ কাষতে ৰৈ কথা আছিল। কিন্তু হঠাৎতে অতি উচ্চ প্ৰাবল্যৰে পাইপডাল বিস্ফোৰণ ঘটাত আতংকিত হৈ পৰা মহিলাকেইগৰাকীয়ে যেনি তেনি পলাবলৈ ধৰাৰ লগতে ভূ গৰ্ভৰ তলৰ পৰা পাইপডালত গেছৰ সৈতে অহা তেল মিশ্ৰিত বোকা মাটিয়ে পুতি
পেলোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত মহিলা কেইগৰাকী হল মেমপাহী দাস, মৃদুলা দাস আৰু অকনি দাস।প্ৰায় ২০/২৫ মিটাৰ ওপৰলৈকে গেছৰ সৈতে তেল মিশ্ৰিত বোকা পানী নিগৰিত হোৱাৰ লগতে বিস্ফোৰণ স্থলীৰ পৰা বহু মিটাৰ দুৰত্বলৈকে সিচৰিত হৈ পৰাত ৰাজপথত একাঠু পয্যন্ত বোকা ময় হৈ পৰে। প্ৰায় আধা ঘন্টামানৰ পাছত জি জি এছ কতৃপক্ষই পাইপডালৰ গেছ নিগমন বন্ধ কৰি দিয়ে যদিও চৌপাশটো গেছৰ গোন্ধই ৰাইজক আতংকিত কৰি ৰাখে। ঘটনাস্থলিত ততালিকে অ এন জি ছিৰ অগ্নিনিৰ্বাপক বাহিনীৰ উপৰি জয়সাগৰ আৰক্ষীও উপস্থিতি হয়।অন্যহাতে স্থানীয় ৰাইজে আহত মহিলা কেইগৰাকীক
চিকিৎসালয়লৈ নিয়াত নিগম কতৃপক্ষই হেমাহি কৰাৰ গুৰুতৰ অভিযোগ তুলি পৰিস্থিতি কিছু উতপ্ত কৰি তোলে। পাছত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি শাম কটাৰ লগতে আহত মহিলাকেইগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়।বিস্ফোৰণৰ বাবে স্থানীয় ৰাইজে অ এন জি ছিৰ জি জি এছ ১নংৰ কতৃপক্ষক জগৰীয়া কৰিছে।জনবসতিৰ মাজেৰে বিভিন্ন তৈল খাদৰ পৰা অহা উচ্চ তেল পৰিবাহী পাইপসমূহ মাটিৰ ওপৰত উন্মূক্ত অৱস্থাতে ৰাখি থৈছে।সাধাৰণে তৈল পৰিবাহী পাইপসমূহ ভূ গৰ্ভৰ তলত স্থাপন কৰিব লাগে যদিও নিগমৰ একাংশ অনা অসমীয়া বিষয়াই নিজৰ ব্যক্তিগত মুনাফা লুটাৰ স্বাৰ্থত
ৱেল ডু নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক পাইপসমূহ স্থাপন কৰাৰ ঠিকা দি আহিছে। কিন্তু প্ৰতিষ্ঠানটোৱে জনসাধাৰণৰ স্বাথক পিঠি দি অতি বেপেৰুৱা ভাৱে এনেদৰে তৈল পৰিবাহী পাইপসমূহ মাটিৰ ওপৰতে উন্মুক্ত কৰি থৈ যায়।