ড° বাণীকান্ত কাকতি মেধা বঁটা বিতৰণঃ ১৪৮২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান
গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আজি ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশৰো অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলক ড° বাণীকান্ত কাকতি মেধা বঁটা বিতৰণ কৰা হয়৷ এই উপলক্ষে মহাবিদ্যালয়খনৰ সভাগৃহত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে “আজি প্ৰাপ্তি আৰু গৌৰৱৰ দিন । তোমালোকক আজি সফলতাৰ স্বীকৃতি প্ৰদান কৰা হৈছে”। ভাষা, সাহিত্য আৰু শিক্ষাজগতলৈ অতুলনীয় অৱদান আগবঢ়োৱা ড° বাণীকান্ত কাকতিদেৱৰ
সন্মানাৰ্থে ছাত্ৰ সমাজৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰি তথ্য আৰু প্ৰযুক্তি শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান সমৃদ্ধ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে এই বঁটা প্ৰদান কৰিছে। মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক সফলতাৰ চমু বাট নিবিচাৰি লক্ষ্য স্থিৰ কৰি শৃংখলাবদ্ধভাৱে জীৱনৰ বাটত আগবাঢ়িবৰ বাবে আহ্বান জনায়। আজিৰ এই বঁটা বিতৰণী সভাৰ আদৰণী ভাষণ দিয়ে জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে৷ তেখেতে ছাত্ৰ-ছাত্ৰী সকলক নিজ লক্ষ্যত উপনীত হৈ পৰিয়াল, সমাজ আৰু দেশৰ হকে অৱদান আগবঢ়াবলৈ আহ্বান জনায়। সভাত আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই শিৱসাগৰ জিলাৰ বৰেণ্য
ব্যক্তি সকলে দেশ আৰু জাতিৰ হকে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে৷ উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৪৮২ গৰাকী কৃতী ছাত্ৰী-ছাত্ৰীয়ে ড° বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটাৰ বাবদ প্ৰতিগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীয়ে একোখনকৈ স্কুটী লাভ কৰিব৷ ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত নৱম স্থান দখল কৰা নাজিৰা ৱেদ একাডেমীৰ কাশ্যপ গগৈৰ লগতে আন ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা হয়৷ উক্ত অনুষ্ঠানত শিৱসাগৰ জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক, শিৱসাগৰ আৰু জাঁজী মহাবিদ্যালয়ৰ অধ্যক্ষদ্বয়ৰ লগতে জাঁজী মহাবিদ্যালয়ৰ প্ৰৱক্তা সকল, কৃতী ছাত্ৰ-ছাত্ৰী সকল আৰু অভিভাৱক সকল উপস্থিত থাকে৷